ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা আইছিছৰ নেতা আবু বকৰ আল বাগদাদিৰ নিহত হোৱা বুলি প্ৰকাশ কৰিছে চিৰিয়াৰ মানৱাধিকাৰ সংগঠন চিৰিয়ান অবজাৰভেটৰিয়ে ফৰ হিউমেন ৰাইটচে। আনহাতে ইৰাকৰ অল ছুমেৰিয়া সংবাদ মাধ্যমেও একে কথাকে প্ৰকাশ কৰিছে৷
অৱেশ্যে কেনেকৈ,ক’ত আৰু কেতিয়া সন্ত্ৰাসবাদীজনৰ মৃত্যু হ’ল সেই বিষয়ে এতিয়ালৈ জানিব পৰা নাই মানৱ অধিকাৰ সংগঠনটোৱে৷ দুধৰ্ষ সন্ত্ৰাসবাদীজনৰ মৃত্যুৰ বাতৰিত আনন্দ প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনা’ল্ড ট্ৰাম্পে৷