গুৱাহাটীঃ দেশত ক্ৰমাৎ বৃদ্ধি পাইছে জেহাদী কাৰ্যকলাপ। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, ম্যানমাৰ আৰু ভূটান সীমান্তৰে একাধিক সন্ত্ৰাসবাদী সংগঠনে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য, বিশেষকৈ অসমক টাৰ্গেট কৰি লৈছে। সেয়ে যিকোনো সময়তে অস্থিৰ হৈ উঠিব পাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চল।
প্ৰাপ্ত বাতৰি মতে, বাংলাদেশ হৈ ভাৰতৰ তিনিখন ৰাজ্যত বাহৰ পতাৰ পৰিকল্পনা কৰিছে ছিৰিয়া আৰু ইৰাকক লৈ ইছলামিক ৰাষ্ট্ৰৰ সপোন দেখা বিশ্বৰ আটাইতকৈ ভয়াৱহ সন্ত্ৰাসবাদী সংগঠন আইছিছে। হৰকত-উল-ইছলামী চমুকৈ হুজি আৰু জামাত-উল-মুজাহিদ্দীন বাংলাদেশ চমুকৈ জেএমবিয়ে ভাৰতলৈ সম্প্ৰসাৰিত কৰিছে সন্ত্ৰাসৰ হাতোৰা।