গুৱাহাটীঃ দেশত ক্ৰমাৎ বৃদ্ধি পাইছে জেহাদী কাৰ্যকলাপ। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, ম্যানমাৰ আৰু ভূটান সীমান্তৰে একাধিক সন্ত্ৰাসবাদী সংগঠনে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য, বিশেষকৈ অসমক টাৰ্গেট কৰি লৈছে। সেয়ে যিকোনো সময়তে অস্থিৰ হৈ উঠিব পাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চল। 

প্ৰাপ্ত বাতৰি মতে, বাংলাদেশ হৈ ভাৰতৰ তিনিখন ৰাজ্যত বাহৰ পতাৰ পৰিকল্পনা কৰিছে ছিৰিয়া আৰু ইৰাকক লৈ ইছলামিক ৰাষ্ট্ৰৰ সপোন দেখা বিশ্বৰ আটাইতকৈ ভয়াৱহ সন্ত্ৰাসবাদী সংগঠন আইছিছে। হৰকত-উল-ইছলামী চমুকৈ হুজি আৰু জামাত-উল-মুজাহিদ্দীন বাংলাদেশ চমুকৈ  জেএমবিয়ে ভাৰতলৈ সম্প্ৰসাৰিত কৰিছে সন্ত্ৰাসৰ হাতোৰা।

এই সন্দৰ্ভত বাংলাদেশ চৰকাৰৰ চোৰাংচোৱা বিভাগে সতৰ্কবাণী প্ৰেৰণ কৰিছে ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক৷ বাংলাদেশ হৈ প্ৰায় ২ হাজাৰ জেহাদীৰ প্ৰৱেশ ঘটিছে ভাৰতত৷ শেহতীয়াকৈ বাংলাদেশ চৰকাৰে এই সম্পৰ্কে বিশদ তথ্য প্ৰেৰণ কৰিছে ভাৰত চৰকাৰক। বাংলাদেশৰ সীমাৰে হুজি আৰু জেএমবিৰ সদস্যই প্ৰৱেশ কৰিছে অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগত৷ অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক পল্লৱ ভট্টাচাৰ্য্যই কয় যে আৰক্ষীয়ে সীমাৰ সুৰক্ষাৰ বাবে এক উচ্চ শক্তিশালী কমিটি গঠন কৰিছে৷ 

উল্লেখযোগ্য যে বিগত দিনসমুহত ৰাজ্যত বৃদ্ধি পাইছে জেহাদী সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ ৷ বাংলাদেশৰ চোৰাংচোৱা বিভাগৰ এই তথ্যৰ পাছতেই অসম আৰক্ষী আৰু অন্য নিৰাপত্তা সংস্থাসমূহ অধিক তৎপৰ হৈ পৰিছে৷ 

সঘনাই হৈ থকা বিস্ফোৰণ, কূটাঘাট আদিৰ সৈতে জড়িত থকা জে এম বিয়ে ত্ৰিপুৰা, পশ্চিম বংগ আৰু অসমত ৫০ টাৰো অধিক সৰু সৰু গোট গঠন কৰিছিল যদিও পৰৱর্তী সময়ত সেই মডুলসমূহ অধিকাংশ উৎখাত কৰিছিল আৰক্ষী আৰু অন্য নিৰাপত্তা সংস্থাই৷ কিন্তু উক্ত সন্ত্ৰাসবাদী সংগঠনবোৰ পুনৰাই সক্ৰিয় হৈ উঠা বুলি জানিবপৰা গৈছে।