ডিজিটেল ডেস্কঃ সুদীৰ্ঘ আঢ়ৈটা দশকৰ মুৰত ভাৰতৰপৰা ইজৰাইল ভ্ৰমণৰ বাবে সাজু হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে আগ্ৰহেৰে বাট চাই ৰৈছে দেশখনৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। নেতায়ানহুক হিব্ৰু ভাষাত অভিনন্দন যাঁচি টুইটাৰত মোদীয়ে টুইট কৰাৰ পিছতে অধীৰ আগ্ৰহেৰে বাট চাই ৰোৱাৰ কথা ব্যক্ত কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীজনে।
‘মোৰ বন্ধু, ছুটীৰ বাবে অভিনন্দন যঁচাৰ কাৰণে ধন্যবাদ। আপোনাৰ ঐতিহাসিক সাক্ষাতৰ বাবে ইজৰাইলবাসীয়ে আগ্ৰহেৰে বাট চাই ৰৈছে’- এনেদৰে নিজৰ আনন্দ ব্যক্ত কৰে ইজৰাইলী প্ৰধানমন্ত্ৰীজনে।