নতুন দিল্লীঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰ’ই সোমবাৰে পুৱা শ্ৰীহৰিকোটাৰপৰা ২৮ টা বিদেশী ৰাষ্ট্ৰৰ উপগ্ৰহৰ লগতে ইলেক্ট্ৰ’নিক ইণ্টেলিজেন্স ছেটেলাইট EMISAT মহাকাশলৈ প্ৰক্ষেপ কৰে।  

ভাৰতে এণ্টি-ছেটেলাইট (A-SAT) ক্ষেপনাস্ত্ৰ 'মিছন শক্তি’ৰ সফল পৰীক্ষণৰ ছদিনৰ পাছতে ইছৰ'ই প’লাৰ ছেটেলাইট লন্স ভেহিকল (PSLV C-45)ৰদ্বাৰা এই অভিযান চলায়।

পুৱা ৬ঃ২৭ বজাত প্ৰক্ষেপ কৰা এই মহাকাশ যান উৎক্ষেপন কাৰ্যসূচী চাবৰ বাবে ইছৰ’ই প্ৰথমবাৰৰ বাবে সাধাৰণ জনতাক আমন্ত্ৰণ কৰে।

৪৩৬ কিল’গ্ৰাম ওজনৰ EMISAT উপগ্ৰহৰ জৰিয়তে এতিয়াৰেপৰা ভাৰতে শত্ৰু দেশৰ চোৰাংচোৱা ৰাডাৰ ধৰা পেলাবলৈ সক্ষম হ’ব। ইয়াৰ পূৰ্বে ভাৰতে এনে চোৰাংচোৱা ৰাডাৰ বিমানযোগেহে ধৰা পেলোৱাৰ ব্যৱস্থা আছিল।

PSLV C-45ৰ প্ৰক্ষেপৰ ১৭ মিনিট পাছত উপগ্ৰহটো ৭৪৯ কিল’মিটাৰ উচ্চতাৰ কক্ষপথত স্থাপন কৰা হয়। যানখনে আমেৰিকা, ছুইজাৰলেণ্ড, লিথুৱানিয়া আৰু স্পেইনৰ সৰু সৰু Flock-4A আৰু Lemur উপগ্ৰহ কঢ়িয়াই নিছিল।