গুৱাহাটীঃ শ্ৰীলংকাত বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আইছিচৰ ভয়ংকৰ আক্ৰমণৰ পাছত এতিয়া অধিক তৎপৰ হৈ পৰিছে অসম আৰক্ষী। কেন্দ্ৰীয় চোৰাংচোৱা সন্থাই আইচিছে অসম আক্ৰমণৰ ব্লুপ্ৰিন্ট ৰচনা কৰাৰ বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ক অৱগত কৰাৰ পাছত এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অধিক সতৰ্ক কৰি দিছে অসম আৰক্ষীক।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ আইচিছৰ শতৰ্কবাণী পাছতে এতিয়া গ্ৰহণ কৰিছে কটকটীয়া নিৰাপত্তা। আইচিছৰ ব্লুপিণ্টৰ কথা জানিব পাৰি দিছপুৰত অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰে সঘনে বহিছে ইখনৰ পাছত সিখন গুৰুত্বপূৰ্ণ বৈঠক। গৃহবিভাগে আৰক্ষীৰ অধীক্ষক সকলক প্ৰতি জিলাৰ ব্যস্তপূৰ্ণ ৰাজহুৱা স্থান, ৰে’ল ষ্টেচন, বাছ আস্থান, প্ৰসিদ্ধ মঠ-মন্দিৰ, বিমানবন্দৰ, শ্বপিং মল, ছবিগৃহ, হোটেল, ল'জ, সচিবালয় আদি সকলোতে উন্নতমানৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনায়। 

আৰক্ষীৰ এক বিশেষ সূত্ৰই জানিবলৈ দিয়া মতে মহানগৰীৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰে মহানগৰীৰ অতি স্পর্শকাতৰ অঞ্চলসমূহত চিচিটিভি ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। এক গোপন সূত্ৰই খবৰ অনুসৰি মহানগৰীৰ বহুতো গুৰুত্বপূৰ্ণ স্থানত নিৰাপত্তাৰ বাবে সংলগ্ন কৰা বহুতো চিচিটিভিৰ বৰ্তমান সময়ত বিকল হৈ পৰিছে। সেই বিকল চিচিটিভি সমূহ অতি সোনকালে সক্ৰিয় কৰি তুলি নিৰাপত্তা ব্যৱস্থাতোত সহায় হোৱাকৈ গঢ়ি তুলিবলৈ নির্দেশ প্ৰদান কৰিছে।

চোৰাংচোৱা সন্থাই কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ক আইচিছৰ টাৰ্গেত শক্তিপীঠ কামাখ্যা মন্দিৰ হ’ব পাৰে বুলি সতৰ্ক কৰি দিয়াৰ পাছতে শক্তিপীঠখনত পূৰ্বতকৈ নিৰাপত্তা ব্যৱস্থা অধিক বৃদ্ধি কৰা হৈছে। শুকুৰবাৰে সন্ধিয়া মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগু, মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰ লগতে বহুকেইজন আৰক্ষীৰ বিষয়াৰ উপস্থিতিত মন্দিৰ পৰিচলান সমিতিৰ সৈতে নিৰাপত্তাৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকৰ পাছতে শক্তিপীঠখনৰ মূল প্ৰৱেশদ্বাৰত দুটাকৈ মেটেল ডিটেক্টৰ স্থাপন কৰা হয়। প্ৰতিজন ভক্তৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষীৰ-প্ৰশাসনে। ইয়াৰ উপৰিও উচ্চ ন্যায়ালয়, ৰে’ল ষ্টেচন, সচিবালয়ত আদি পূৰ্বতকৈ বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।

একেদৰে শুকুৰবাৰে মহানগৰীৰ হোটেল ৰেডিচন ব্লুত মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰ লগতে আৰক্ষীৰ শীর্ষ বিষয়াৰে হোটেল, শ্বপিংমল, ছবিগৃহ, ল’জ আদিৰ মালিক সকলৰ সৈতে নিৰাপত্তাৰ সন্দৰ্ভত বৈঠকত মিলিত হয়। উক্ত বৈঠকত আৰক্ষীৰ আয়ুক্ত গৰাকীয়ে ছবিগৃহ মালিক সকলক নিৰাপত্তা দিশটোৰ প্ৰতি অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়৷ তদুপৰি হোটেল আৰু ল'জসমূহত থকা অতিথিসকলৰ সম্পূৰ্ণ তথ্য ৰাখিবলৈ নির্দেশ প্ৰদান কৰিছে।

ইয়াৰ উপৰিও সন্দেহজনক বাহন, ব্যক্তি ৰাইজে প্ৰত্যক্ষ কৰাৰ লগে লগে আৰক্ষীক খবৰ দিয়াৰ বাবে আহ্বান জনাইছে। মুঠৰ ওপৰত আইচিছৰ ভয়ংকৰ কুটাঘাটৰপৰা জনসাধাৰণক সুৰক্ষাৰ প্ৰদান কৰিব বাবে এতিয়া ৰাজ্যৰ আৰক্ষীৰ বিভাগে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।