চতিয়াঃ চতিয়াৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান ইষ্টান্তিকৰ উদ্যোগত নিজ প্ৰেক্ষাগৃহত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ সভাখনিত সঞ্চালনা কৰে ইষ্টান্তিকৰ স্হায়ী সভাপতি লোচন বৰাই ৷ নিতুমনি ভূঞাই আঁতধৰা অনুষ্ঠান ভাগৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সম্পাদক লোচন বৰাই৷

ক্লাৱৰ সদস্য ড° পৰাগজ্যোতি হাজৰিকাই সম্বৰ্ধণা অনুষ্ঠানৰ আতধৰা সভাখনিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চতিয়ালৈ গৌৰৱ কঢ়িয়াই অনা চতিয়াৰ সু-সন্তান বিশ্বজিৎ নাথ,দৈনিক অসম বটাঁ লাভ কৰা 'পলিথিনৰ ঢোৰা কাউৰী' কবিতাৰ স্ৰষ্টা সিদ্ধাৰ্থ শংকৰ কলিতা,'শোণিতপুৰ জিলাৰ অপেছাদাৰী নাট্যগোষ্ঠীৰ নাট্যচিন্তা: এটি অধ্যয়ন ' শীৰ্ষক বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা চতিয়াৰ জীয়ৰী তথা চতিয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ববিতা বৰুৱা,'বাজসনেয়ী সংহিতাত কৰ্মকাণ্ড বিমৰ্ষঃ এক অধ্যয়ন' শীৰ্ষক বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা চতিয়া মহাবিদ্যালয়ৰ প্ৰৱক্তা ড° দ্বীপেন ভৰালী,'গুৰুচৰিত কথাত নামবাচক শব্দৰ নাম বৈজ্ঞানিক বিশ্লেষণ' শীৰ্ষক বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা চতিয়া মহাবিদ্যালয়ৰ প্ৰৱক্তা ড° অনুশ্ৰী অধিকাৰী,সমৰকলা ক্ষেত্ৰত দপদপাই থকা তথা কোৱালামপুৰত সোণৰ পদক লাভ কৰা চতিয়াৰ সন্তান হৃদয়ানন্দ দাস, ৩নং পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি উদয় শংকৰ শইকীয়াক সম্বৰ্ধনা জনোৱা হয়৷

এই সভাতে চতিয়া আঞ্চলিক ছাত্ৰ সন্হাইও সম্বৰ্ধিত ব্যক্তিসকলক একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়৷ অৱশ্যে বৰ্তমান চৰাইদেউত উপায়ুক্ত হিচাপে নিযুক্তি লাভ কৰা চতিয়াৰ সুসন্তান দীপক সন্দিকৈ আৰু কেৰেলাৰ কন্নুৰ এয়াৰপৰ্টৰ মুখ্যকাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা চতিয়াৰ সন্তান উৎপল বৰুৱা কৰ্মক্ষেত্ৰত ব্যস্ত থাকিব লগীয়া হোৱাত আজিৰ এই অভিনন্দন  অনুষ্ঠানত উপস্হিত থাকিব নোৱাৰাত তেখেত সকলৰ বাসগৃহতে সম্বৰ্ধণা জনোৱাৰ ব্যৱস্হা কৰা হয়৷ সভাত ননৈ মহাবিদ্যালয়ৰ প্ৰৱক্তা ড° বসন্ত বৰা,ভৱেন হাজৰিকা,জিমি শইকীয়া,ৰাজেন চাহু আৰু সম্বৰ্ধিত ব্যক্তিসকলে নিজ নিজ বক্তব্য আগবঢ়ায়।