চতিয়াঃ চতিয়াৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান ইষ্টান্তিকৰ উদ্যোগত নিজ প্ৰেক্ষাগৃহত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ সভাখনিত সঞ্চালনা কৰে ইষ্টান্তিকৰ স্হায়ী সভাপতি লোচন বৰাই ৷ নিতুমনি ভূঞাই আঁতধৰা অনুষ্ঠান ভাগৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সম্পাদক লোচন বৰাই৷
ক্লাৱৰ সদস্য ড° পৰাগজ্যোতি হাজৰিকাই সম্বৰ্ধণা অনুষ্ঠানৰ আতধৰা সভাখনিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চতিয়ালৈ গৌৰৱ কঢ়িয়াই অনা চতিয়াৰ সু-সন্তান বিশ্বজিৎ নাথ,দৈনিক অসম বটাঁ লাভ কৰা ‘পলিথিনৰ ঢোৰা কাউৰী’ কবিতাৰ স্ৰষ্টা সিদ্ধাৰ্থ শংকৰ কলিতা,’শোণিতপুৰ জিলাৰ অপেছাদাৰী নাট্যগোষ্ঠীৰ নাট্যচিন্তা: এটি অধ্যয়ন ‘ শীৰ্ষক বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা চতিয়াৰ জীয়ৰী তথা চতিয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ববিতা বৰুৱা,’বাজসনেয়ী সংহিতাত কৰ্মকাণ্ড বিমৰ্ষঃ এক অধ্যয়ন’ শীৰ্ষক বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা চতিয়া মহাবিদ্যালয়ৰ প্ৰৱক্তা ড° দ্বীপেন ভৰালী,’গুৰুচৰিত কথাত নামবাচক শব্দৰ নাম বৈজ্ঞানিক বিশ্লেষণ’ শীৰ্ষক বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা চতিয়া মহাবিদ্যালয়ৰ প্ৰৱক্তা ড° অনুশ্ৰী অধিকাৰী,সমৰকলা ক্ষেত্ৰত দপদপাই থকা তথা কোৱালামপুৰত সোণৰ পদক লাভ কৰা চতিয়াৰ সন্তান হৃদয়ানন্দ দাস, ৩নং পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি উদয় শংকৰ শইকীয়াক সম্বৰ্ধনা জনোৱা হয়৷