ফখৰুল ইছলাম, দৰং
দৰংঃ অসম চৰকাৰে বিদেশী নামত সংখ্যালঘুৰ ওপৰত চলোৱা অত্যাচাৰৰ চৰম সীমা চেৰাই পেলাইছে। অসম চৰকাৰে বিদেশী ন্যায়াধীকৰণৰ ন্যায়াধীশ সকলক মাহিলি টাৰ্গেট দিয়ে বিদেশী ঘোষনা কৰাৰ বাবে। ফলত বিদেশী ন্যায়াধীকৰণে একপক্ষীয়ভাৱে আলি, হুছেইন, শ্বেখ আদি উপাধিৰ সংখ্যালঘু ভাৰতীয় লোকক বিদেশী ঘোষণা কৰি ডিটেন্সন কেম্পত প্ৰেৰণ কৰি আহিছে।
প্ৰমাণ হিচাপে আজিলৈকে যিমান কেইজন বিদেশী ঘোষিত ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল সেই গোটেই কেইজনক উচ্চতম ন্যায়ালয়ে ভাৰতীয় বুলি ৰায় প্ৰদান কৰাহে পৰিলক্ষিত হৈছে।
শেহতীয়াকৈ ভাৰতীয় সেনাৰ প্ৰাক্তন কেপ্টেইন তথা বৰ্তমান সীমান্ত আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক পদত কৰ্মৰত মঃ ছোনাউল্লাহ নামৰ ব্যক্তিজনক বিদেশী ঘোষণা কৰি ডিটেন্সন কেম্পত প্ৰেৰণ কৰি পুনৰ প্ৰমাণ কৰিছে যে অসম চৰকাৰে সংখ্যালঘু লোকক বিদেশীৰ নামত চলোৱা অত্যাচাৰৰ সীমা চেৰাই পেলাইছে।
এইক্ষেত্ৰত ইত্তেহাদ ফ্ৰন্টৰ কাৰ্যকৰী সভাপতি আব্দুৰ ৰৌফ, উপ-সভাপতি ৰুবুল আলী, সাধাৰণ সম্পাদক নুৰ ইছলাম আৰু মুখ্য সাংগঠনিক সম্পাদক তথা অধিবক্তা দেৱান শ্বহিদুল ইছলামে প্ৰাক্তন সেনা বিষয়া ছোনাউল্লাহক বিনা চৰ্তে মুক্তি দিয়াৰ লগতে বিদেশী ঘোষণা কৰা প্ৰতিটো গোচৰৰ ও শুনানীৰ ওপৰত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে তদন্ত সমিতি গঠন কৰি তদন্তৰ জৰিয়তে যিসকল ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ বৈধ পত্ৰ থকা ভাৰতীয় নাগৰিকক বিদেশী ঘোষনা কৰা হৈছে সেই লোক সকলক মুকলি কৰি দিয়াৰ বাবে অসম চৰকাৰক দাবী জনাইছে৷
অন্যথা ইত্তেহাদ ফ্ৰন্টে ভাৰতীয় নাগৰিকক বিদেশীৰ নামত হাৰাশাস্তি চলোৱাৰ বিৰুদ্ধে তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢি তুলিবলৈ বাধ্য হ’ব বুলি বিবৃতিত প্ৰকাশ কৰিছে৷