51
newsnextone.com | ডিজিটেল ডেস্কঃ মুম্বাইৰ জনবসতি প্ৰধান এলেকাত এখন এয়াৰক্ৰাফ্ট ভূপতিত হোৱাত ৫গৰাকী লোকৰ মৃত্যু হয়। এয়াৰক্ৰাফ্ট আকাশৰ পৰা ভাঙি পৰি দাউ দাউকৈ জ্বলিবলৈ ধৰাত হুৱাদুৱা লাগে৷
বৃহস্পতিবাৰে দুপৰীয়া বিচক্ৰাফ্ট কিং চি-৯০ বিমান অৱতৰণ কৰাৰ কৰাৰ কিছু সময় পূৰ্বে আকাশৰ পৰা ভাঙি পৰে৷ ধ্বংসস্তুপত পৰিণত হোৱা এয়াৰক্ৰাফ্ট খনৰ জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ লগতে কলা ধোৱা ওলাই থকা পৰিলক্ষিত হয়৷