newsnextone.com | ডিজিটেল ডেস্কঃ মুম্বাইৰ জনবসতি প্ৰধান এলেকাত এখন এয়াৰক্ৰাফ্ট ভূপতিত হোৱাত ৫গৰাকী লোকৰ মৃত্যু হয়। এয়াৰক্ৰাফ্ট আকাশৰ পৰা ভাঙি পৰি দাউ দাউকৈ জ্বলিবলৈ ধৰাত হুৱাদুৱা লাগে৷

বৃহস্পতিবাৰে দুপৰীয়া বিচক্ৰাফ্ট কিং চি-৯০ বিমান অৱতৰণ কৰাৰ কৰাৰ কিছু সময় পূৰ্বে আকাশৰ পৰা ভাঙি পৰে৷ ধ্বংসস্তুপত পৰিণত হোৱা এয়াৰক্ৰাফ্ট খনৰ জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ লগতে কলা ধোৱা ওলাই থকা পৰিলক্ষিত হয়৷ 

মুম্বাই বিমান বন্দৰৰ পৰা মাথো তিনি কিঃ মিঃ নিলগৰ এটি নিৰ্মীয়মান বিল্ডিংত ভাঙি পৰে এয়াৰক্ৰাফ্ট খন৷ ঘটনাস্থলিত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয়৷ জানিব পৰা মতে উত্তৰ প্ৰদেশ চৰকাৰৰ পৰিচালনা কৰা এয়াৰক্ৰাফ্ট খন মুম্বাইৰ ইউআই অভিয়েশ্যন প্ৰাইভেট লিমিটেডৰ গৰাকী দীপক কোঠাৰীৰ অধীনত আছিল৷ এয়াৰক্ৰাফ্ট খনত ৭-১০ জন মানুহে বহিব পৰা আসন আছিল৷