নলবাৰীঃ নলবাৰী জিলাৰ অমযাপুৰত (কুছিয়া) পুৰীৰ মূল জগন্নাথ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা দৃষ্টিনন্দন জগন্নাথ মন্দিৰৰ দ্বাৰ উদঘাটন কৰা হয়৷ যোৱা ২ আৰু ৩ নৱেম্বৰত অনুষ্ঠিত বিশেষ কাৰ্যসুচীৰে উদঘাটন কৰা হয়৷
প্ৰথমদিনা পূৱা পতাকা উত্তোলন, বৃক্ষৰোপন, ৰোপন ধৰ্মীয় জলযাত্ৰা, গুৰু সেৱা, মন্দিৰৰ দ্বাৰ উদঘাটন, বিগ্ৰহ অভিষেক, মন্দিৰ প্ৰদক্ষিণ, মহাশান্তি, নাগাৰা নাম পৰিবেশন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বন্তি প্ৰজ্বলন, যজ্ঞ আৰু ৰাইজৰ দ্বাৰা আহুতি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়৷ ৩ নৱেম্বৰত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়।