newsnextone.com | ডিজিটেল ডেস্কঃ পৰিৱেশ সংৰক্ষণৰ নীতি নমনা বহুজাতিক কোম্পানীক যোগগুৰু ৰামদেৱে সমৰ্থন আগবঢ়োৱাৰ পিছতে এইবাৰ তেঁওৰ সমৰ্থনত ওলাই আহিছে আধ্যাত্মিক গুৰু জগ্গি বাসুদেৱ। পৰিৱেশ সংক্ৰান্ত নীতিৰ অনুপালন নকৰা হেতুকে তামিলনাডু প্ৰদুষণ নিয়ন্ত্ৰণ ব’ৰ্ডে বন্ধ কৰি দিয়া বেদান্ত কোম্পানীৰ ষ্টেৰলাইট কপাৰ খনিটোৰ পুনৰ খোলা কৰি দিয়াৰ বাবে সমৰ্থন আগবঢ়াইছে আধ্যাত্মিক গুৰুখ্যাত বাসুদেৱে। বাসুদেৱৰ মতে এনেদৰে বৃহৎ ব্যৱসায় বন্ধ হৈ থকাটো একপ্ৰকাৰ 'অৰ্থনৈতিক আত্মহত্যা’। 

বুধবাৰে বাসুদেৱে তামিলনাডুৰ টিউটিক’ৰিনস্থিত খনিটোৰ প্ৰতি সমৰ্থন আগবঢ়াই কয় যে খনিটোৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিতন্ত্ৰজনিত সমস্যা আইনী উপায়েৰেও সমাধান কৰিব পাৰি। নিজদেশতে উৎপাদন কৰিবপৰা কপাৰ আন দেশৰ পৰা আমদানি কৰিবলগীয়া হোৱাটোক 'অৰ্থনৈতিক আত্মহত্যা’ বুলি বাসুদেৱে টুইটাৰত উল্লেখ কৰে। 

ষ্টেৰলাইট প্ৰকল্পটোই পৰিৱেশ সংক্ৰান্ত নিয়ম নমনাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰদুষণ নিয়ন্ত্ৰণ বিভাগটোৱে বন্ধ কৰি দিছিল উক্ত প্ৰকল্প। প্ৰকল্পটোৰ প্ৰতিবাদত ওলাই অহা স্থানীয় লোকৰ প্ৰতিবাদ ১০০ দিন সম্পুৰ্ণ কৰাৰ দিনা উত্তেজিত জনতাৰ ওপৰত আৰক্ষীয়ে চলোৱা গুলিচালনাত ১৩ জন প্ৰতিবাদকাৰী নিহত হৈছিল। 

বাসুদেৱৰ এই মন্তব্যৰ পূৰ্বে বাবা ৰামদেৱে ষ্টেৰলাইটৰ মালিকগোষ্ঠী বেদান্ত নামৰ বহুজাতিক কোম্পানীটোৰ কাৰ্যবাহী অধ্যক্ষ অনিল আগৰৱালা আৰু তেঁওৰ পত্নীক লণ্ডনত সাক্ষাত কৰি আলোচনাত বহিছিল। সোমবাৰে ৰামদেৱে ষ্টেৰলাইটৰ ওপৰত নিষেধাজ্ঞা এক  ষড়যন্ত্ৰৰ ফচল বুলি সদৰী কৰিছিল। প্ৰতিবাদ হিংসাত্নক ৰূপ লোৱাৰ আঁৰত আন্তৰাষ্ট্ৰীয় ষড়যন্ত্ৰকাৰীৰ হাত থকা বুলিও ৰামদেৱে মন্তব্য কৰিছিল। তাৰ পিছতেই এনেদৰে ষ্টেৰলাইটক সমৰ্থন আগবঢ়াইছে আধ্যাত্মিক গুৰুখ্যাদ বাসুদেৱে।