50
জাগীৰোডঃ মায়ং আৰক্ষীয়ে শুকুৰবাৰে এক অভিযান চলাই এখন চুৰি বাইক উদ্ধাৰ কৰা লগতে পাঁচজনক কৰায়ত্ত কৰিছে।
এই অভিযানৰ সময়ত মায়ং আৰক্ষীয়ে এ এছ ০২ জি ৯৮৮৫ নম্বৰৰ বাইকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বাইক চুৰিকাণ্ডত অভিযুক্ত মায়ঙৰ আবুল হুছেইন, যুগল বিশ্বাস, মৃদুল মণ্ডল, আজিবুৰ ৰহমান আৰু কামৰূপ মহানগৰ জিলাৰ ধিপুজি জানপামৰ আছাধন বিশ্বাসক আৰক্ষীয়ে কৰায়ত্ত কৰে।