জাগীৰোডঃ মিডিয়া হাউছবোৰত সাংবাদিকসকলৰ অধিকাৰ আৰু ন্যায়ৰ পোষকতা নেচনেল ইউনিয়ন অৱ জাৰ্নেলিষ্ট ইণ্ডিয়াৰ সভাপতি তথা প্ৰেছ কাউন্সিলৰ সদস্য প্ৰজ্ঞানন্দ চৌধুৰীৰ ৷ আজিৰে পৰা মৰিগাঁও জিলাৰ জাগীৰোড মহাবিদ্যালয়ত “জাৰ্নেলিষ্ট এচ’চিয়েচন অৱ আসাম” ৰ ত্ৰয়োদশ ত্ৰি-বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে।
ৰাজ্যখনৰ ১৭ খন জিলাৰ শতাধিক সংবাদকৰ্মীৰ লগতে বিশিষ্ট সাংবাদিক ‘জা’ৰ সভাপতি ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী উপস্থিত থাকে। ভাষণ প্ৰসংগত প্ৰজ্ঞানন্দ চৌধুৰীয়ে সমস্যাজৰ্জৰ ভাৰতৰ সমাজ ব্যৱস্থাত সাংবাদিকসকলেই ৰাজনৈতিক সকলক পথ প্ৰদৰ্শন কৰিব লাগিব বুলি কয়।