64
গুৱাহাটীঃ ৰাজ্যত এতিয়া মাফিয়া ৰাজ, শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখন এতিয়া নিৰৱ। চোৰাংচোৱাৰ চকু এতিয়া মূল্যবান বনজ সম্পদৰ ওপৰত। মৰিগাঁও বন বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ জাগীৰোডৰ ঐতিহাসিক কুমৈ পাহাৰত এতিয়া বনদস্যুৰ তাণ্ডৱ।
দিনৰ পোহৰতে কুমৈ বনাঞ্চলৰ মূল্যবান শাল-চেগুন আদি কাটি বন বিভাগৰ নাকৰ তলেৰে পাৰ কৰাই লৈ যায় বনদস্যুৱে। ধৃতৰাষ্ট্ৰৰ বেশত শূন্য সহনশীলতাৰ কথা কোৱা জাতি-মাটি-ভেটিৰ চৰকাৰ বুলি জহাই ফুৰা বি জে পি চৰকাৰ।