জাগীৰোডঃ কাশ্মীৰত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমনত দেশৰ নিৰাপত্তাৰক্ষীৰ ৪৪ জন জোৱান অতি কৰুণভাৱে নিহত হোৱা ঘটনাত সমগ্ৰ দেশতে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে উঠিছে প্ৰতিবাদৰ জোৱাৰ। 

এই প্ৰতিবাদৰ অংশ স্বৰূপে শুকুৰবাৰে সন্ধিয়া জাগীৰোডত মৰিগাঁও জিলা বিজেপি যুৱ মৰ্চা আৰু মায়ং মণ্ডলৰ কৰ্মকৰ্তা সকলে পাকিস্তানৰ পতাকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। 

দেশ সেৱাত নিয়োজিত নিৰাপত্তাৰক্ষীৰ কনভয়ৰ ওপৰত সন্ত্ৰাসবাদী সংগঠন জঈছ-ই-মহম্মদে চলোৱা এনে আক্ৰমনক তীব্ৰ ভাষাৰে গৰিহণা দি বিজেপিৰ কৰ্মকৰ্তা সকলে সন্ত্ৰাসবাদ আৰু ইয়াৰ সমৰ্থক পাকিস্তানৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দিয়ে। 

লগতে সন্ত্ৰাসবাদ নি:শেষ কৰাৰ বাবে ভাৰত ৰাষ্ট্ৰক কঠোৰতম পদক্ষেপ ল’বলৈকো দাবী কৰে প্ৰতিবাদকাৰী সকলে। লগতে নিহত নিৰাপত্তাৰক্ষী সকলৰ আত্মাৰ সদগতি কামনাৰে জাগীৰোডৰ মাজমজিয়াত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।