জাগীৰোডঃ ৰাজ্য চৰকাৰ সম্পূৰ্ণ বিফল হৈছে মানুহৰ জীৱন-সম্পত্তিৰ সুৰক্ষা দিয়াত৷ বিশেষকৈ মহিলা, যুৱতী, কিশোৰীক নিৰাপত্তা দিয়াত বিফল হৈছে চৰকাৰ৷ চৰকাৰ যে সম্পূৰ্ণ বিফল হৈছে সেই কথা ওলাই পৰে সোমবাৰে৷ মৰিগাঁও জিলাৰ জাগীৰোডত সোমবাৰে ৰাজ পথলৈ ওলাই আহিল শাসকীয় বিজেপি দলৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ৷ মৰিগাঁও আৰক্ষীৰ বিৰুদ্ধে কণমানি কন্যাৰ হত্যাকাৰীক আটক কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাজ পথলৈ ওলাই আহে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ৷

মৰিগাঁৱৰ জাগীৰোডত বন্তি প্ৰজ্বলনেৰে প্ৰতিবাদী সমদল উলিয়াই আৰক্ষীক ধিক্কাৰ দিয়ে সংগঠনটোৱে৷ মৰিগাঁৱৰ জাগীৰোডত ৭ বছৰীয়া কন্যা কৃতিকা কুমাৰীক অপহৰণ কৰি হত্যা কৰিছিল ৭ ফেব্ৰুৱাৰীত৷ ৫টা দিন অতিক্ৰম কৰাৰ পিছতো আৰক্ষীয়ে হত্যাকাৰীক আটক কৰাটো দূৰৰ কথা আজিলৈ হত্যাকাৰীক চিনাক্ত কৰিব নোৱাৰাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে৷ হাতে হাতে মম জ্বলাই ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় পুৰুষ-মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে৷

দুৰ্বৃত্তই অপহৰণ কৰি ঘৰৰ চৌহদত পেলাই থৈ গৈছিল দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী কৃতিকাৰ মৃতদেহ৷ প্ৰতিবাদ সাব্যস্ত কৰি ৭ বছৰীয়া কন্যাক অপহৰণ কৰি হত্যা কৰা লোকক আটক কৰাৰ দাবী জনায়৷ ৰাজ্যত এতিয়া কেতিয়া কিশোৰী-যুৱতী নৰ পিশাচৰ বলি হয় তাৰ কোনো ঠিক নোহোৱা হৈছে৷ সমাজ ব্যৱস্থা উন্নত হোৱা বুলি আস্ফালন কৰি থাকিলেও একাংশ লোক দানৱ হৈ পৰিছে৷ মানুহে মানুহক হত্যা কৰাৰ ঘটনাই এতিয়া সমাজৰ প্ৰতিগৰাকী লোকক চিন্তিত কৰিছে৷

৭বছৰীয়া কিশোৰীক অপহৰণ কৰি হত্যা কৰাৰ ঘটনাই জোকাৰী গৈছে জাগীৰোডক৷ কুঁৱাৰ পাৰত এটি অবোধ কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিছে মৰিগাঁও জিলাত৷ জানিব পৰা মতে, জাগীৰোডৰ শৈলেন্দ্ৰ প্ৰসাদৰ কন্যা তথা স্থানীয় হিন্দী স্কুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী কৃতীকা কুমাৰী ৬ ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ পৰা নিখোজ হয়৷ ৭ বছৰীয়া কিশোৰীগৰাকীক বিচাৰি হায়ৰাণ হৈ পৰিছিল পৰিয়ালৰ লোক৷

আবেলি নিজ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ থকাত দুচিন্তাত পৰিয়ালটোৱে সময় পাৰ কৰাৰ লগতে নিশালৈকৈ ইফাল-সিফাল বিচাৰ খোচাৰ কৰি আছিল পৰিয়াল তথা ওচৰ চুবুৰীয়াই৷ নিশা কিশোৰীগৰাকীৰ কোনো শুংসুত্ৰ উদ্ধাৰ নহ’ল যদিও ০৭ ফেব্ৰুৱাৰীৰ পুৱতি নিশা নিজ ঘৰৰ চৌহদত পৰিয়ালৰ লোকে পৰি থকা অৱস্থাত উদ্ধাৰ কৰে কিশোৰীগৰাকীৰ মৃতদেহ। কৃতীকাৰ দেহৰ কেইবা ঠাইত আঘাতৰ চিন স্পষ্ট হৈ থকাত কোনো লোকো অপহৰণ কৰি নি হত্যা কৰি নিশা পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে৷ জাগীৰোড হিন্দী স্কুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী কৃতীকা মৃত্যুৰ খবৰক সহজে লব পৰা নাই মৰিগাঁওবাসীয়ে৷