জাগীৰোডঃ ৰাজ্য চৰকাৰ সম্পূৰ্ণ বিফল হৈছে মানুহৰ জীৱন-সম্পত্তিৰ সুৰক্ষা দিয়াত৷ বিশেষকৈ মহিলা, যুৱতী, কিশোৰীক নিৰাপত্তা দিয়াত বিফল হৈছে চৰকাৰ৷ চৰকাৰ যে সম্পূৰ্ণ বিফল হৈছে সেই কথা ওলাই পৰে সোমবাৰে৷ মৰিগাঁও জিলাৰ জাগীৰোডত সোমবাৰে ৰাজ পথলৈ ওলাই আহিল শাসকীয় বিজেপি দলৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ৷ মৰিগাঁও আৰক্ষীৰ বিৰুদ্ধে কণমানি কন্যাৰ হত্যাকাৰীক আটক কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাজ পথলৈ ওলাই আহে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ৷
মৰিগাঁৱৰ জাগীৰোডত বন্তি প্ৰজ্বলনেৰে প্ৰতিবাদী সমদল উলিয়াই আৰক্ষীক ধিক্কাৰ দিয়ে সংগঠনটোৱে৷ মৰিগাঁৱৰ জাগীৰোডত ৭ বছৰীয়া কন্যা কৃতিকা কুমাৰীক অপহৰণ কৰি হত্যা কৰিছিল ৭ ফেব্ৰুৱাৰীত৷ ৫টা দিন অতিক্ৰম কৰাৰ পিছতো আৰক্ষীয়ে হত্যাকাৰীক আটক কৰাটো দূৰৰ কথা আজিলৈ হত্যাকাৰীক চিনাক্ত কৰিব নোৱাৰাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে৷ হাতে হাতে মম জ্বলাই ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় পুৰুষ-মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে৷