জাগীৰোডঃ মৰিগাঁও জিলাৰ নগাঁও কাগজ কলৰ অস্থায়ী কৰ্মচাৰীসকলে সোমবাৰে পুৱাৰে পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰীয় চৰকাৰে স্থায়ী কৰ্মচাৰীসকলক তিনিমাহৰ দৰমহা আদায় দিয়ে যদিও ১৯৭ গৰাকী অস্থায়ী কৰ্মচাৰীক তিনিমাহৰ দৰমহা দিয়াতো দুৰৰ কথা কামৰ পৰা খেদিবলৈ উঠি-পৰি লাগিছে বুলি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে অস্থায়ী কৰ্মচাৰীসকলে৷
আমাক চৰকাৰ-নগাঁও কাগজ কল কৰ্তৃপক্ষই লেই লেই ছেই ছেই কৰিছে৷ বাকীসকলৰ দৰেই কেজুৱেল কৰ্মচাৰীসকলৰ শীঘ্ৰে দৰমহা আদায় দিয়ক৷ নহলে আমি তীব্ৰ জংগী আন্দোলন গঢ়ি তুলিম৷ নগাঁও কাগজ কলৰ অস্থায়ী কৰ্মচাৰীয়ে সোমবাৰে পুৱাৰে পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দৰমহা আদায় দিয়াৰ দাবী জনাই এনেদৰে৷