62
জাগীৰোডঃ নেলীৰ গণহত্যাই ভৰি দিলে ৩৬ বছৰত৷ ১৯৮৩ চনৰ ১৮ ফ্ৰেব্ৰুৱাৰীত সংঘটিত হৈছিল এই নাৰকীয় কাণ্ড৷ এই ঘটনাত নিহত হৈছিল শিশু, পুৰুষ, মহিলাকে ধৰি প্ৰায় দুই সহস্ৰাধিক৷
কিন্তু আজিলৈকে কোনো সাহায্য নাপালে নিহতসকলৰ পৰিয়ালে৷ নেলীৰ এই নাৰকীয় গণহত্যাই আজিও ৰিঙিয়াই মাতে নেলীবাসীক৷ জুয়ে পুৰা ৮৩ৰ দিনটোক নেলীৰ মূলাধাৰীত স্মৰণ কৰিলে নেলীবাসীয়ে৷ নেলীৰ এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ কামনা কৰিলে সকলোৱে৷