লিডুঃ ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী কৰা প্ৰতিবাদৰ ঢৌ৷ যুটীয়া সংসদীয় সমিতিৰ সিদ্ধান্তৰ পাছত লোকসভা তথা ৰাজ্যসভাৰ সদনত সংশোধনী বিধেয়কক গৃহীত কৰিবলৈ লোৱা প্ৰস্তাৱক এতিয়া তীব্ৰ ভাষাৰে গৰিহনা দিছে বিভিন্ন দল সংগঠনে৷ শুকুৰবাৰে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টিৰাপ, জাগুন আঞ্চলিক সমিতিয়ে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে৷
সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সহযোগত প্ৰায় অৰ্ধ শতাধিক নেতা কৰ্মীয়ে আজি জাগুনৰ ৭ মাইলস্থিত ৰাষ্ট্ৰীয় ঘাইপথত বি জে পি চৰকাৰ বেপাৰী, বি জে পি গ’ বেক, বি জে পিৰ কাম নাই, নৰেন্দ্ৰ মোডী হায় হায় আদি ধ্বনিৰে অৰ্ধ উলংগ হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি নৰেন্দ্ৰ মোদীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে৷