লিডুঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ জাগুনত এতিয়া সেনা আৰক্ষীয়ে উগ্ৰপন্থী বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে৷ শেহতীয়াকৈ এলেকাটোত  আলফা স্বাধীনে নিজৰ অস্তিত্ব জাহিৰ কৰাৰ পাছতেই সেনা-আৰক্ষীয়ে ব্যাপক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ 

আজি জাগুন আৰক্ষীয়ে এলেকাটোৰ কথা চাপৰিৰপৰা আলফাৰ সৈতে যোগাযোগ থকাৰ সন্দেহত হেমকান্ত বসুমতাৰী ওৰফে বাবু নামৰ এজন যুৱকক আটক কৰিছে৷ আটকাধীন যুৱকজন যোৱা ১৯ নৱেম্বৰত জাগুন দহ মাইলৰপৰা হোৱা অপূৰ্ব কাকতিৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ 

বিগত সময়তো যুৱকজনক আৰক্ষীয়ে আলফাৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল যদিও বৰ্তমান পুনৰ আলফা স্বাধীনৰ সৈতে যুৱকজনৰ সুসম্পৰ্ক থকা বুলি চৰ্চা চলি আহিছিল আৰু তাৰ সন্দেহতে শনিবাৰে পুনৰ আৰক্ষীয়ে যুৱকজনক আটক কৰে৷  উল্লেখ্য যে, জাগুন ফানেং গাঁৱৰপৰা নিৰুদ্দেশ হৈ আলফা স্বাধীনত যোগদান কৰা বুলি চৰ্চা হোৱা চন্দ্ৰ বুঢ়াগোহাঁই আৰু কৰিশ্মা মেচৰ সৈতেও হেমকান্ত বসুমতাৰীৰ ঘনিষ্ট সম্পৰ্ক থকা বুলি অভিযোগ পোৱা গৈছে৷ বৰ্তমান যুৱকজন জাগুন আৰক্ষীৰ জিম্মাত বুলি জানিব পৰা গৈছে৷