লাহোৰঃ জম্মু আৰু কাশ্মীৰৰ পুলৱামাত যোৱা ১৪ ফেব্ৰুৱাৰীত চি আৰ পি এফৰ কনভয়ত আক্ৰমণ কৰা সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ প্ৰশাসনিক মুখ্য কাৰ্যলয় অৱশেষত আন্তঃৰাষ্ট্ৰীয় হেঁচাত সেও মানি পাকিস্তান চৰকাৰে নিজৰ নিয়ন্ত্ৰণলৈ আনিছে।
পাকিস্তানৰ বন্ধু ৰাষ্ট্ৰ চীনকে ধৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১৫ খন দেশৰ কেউখনে ৪২ জন চি আৰ পি এফ জোৱান নিহত হোৱা পুলৱামা আক্ৰমণত জড়িত জইছ-ই-মহম্মদৰ নাম উল্লেখ কৰি এই ঘটনাক বৰ্বৰ আৰু কাপুৰুষালি কাৰ্য বুলি কঠোৰতৰ ভাষাৰে গৰিহণা দিয়াৰ এদিনৰ পাছতে পাকিস্তান চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে। নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱটোত এনে নিন্দনীয় কাৰ্য সংঘটিত কৰা আৰু ইয়াৰ বাবে ধনৰ যোগান ধৰা সকলো পক্ষকে জগৰীয়া কৰি বিচাৰ হ’ব লাগে বুলি উল্লেখ কৰে।