115
নতুন দিল্লীঃ উত্তৰ পূৰ্বাঞ্চলৰ কাকতসমূহৰ শুকুৰবাৰৰ সংখ্যাৰ প্ৰথম পৃষ্ঠাত গুৰুত্বসহকাৰে প্ৰকাশ পোৱা এটা বাতৰি আছিল ‘পৰোৱানা নোহোৱাকৈ গ্ৰেপ্তাৰ কৰিব পাৰিব আছাম ৰাইফলছে’।
ভাৰতৰ স্বাধীনতাৰ ৭০ বছৰৰ পাছতো এনেদৰে সামৰিক শক্তি দেশৰ নাগৰিকৰ ওপৰত অপ-প্ৰয়োগ কৰা নজিৰ দুৰ্ভাগ্যজনক। ব্যক্তি স্বাধীনতাৰ হৰণ তথা মানৱ অধিকাৰ উলংঘনৰ এনে স্পৃহা অপ্ৰত্যাশিত নহয় যদিও ইয়াক কোনেও বাঞ্ছা নকৰে।