জাজৰিঃ যি সময়ত ৰাজ্যৰ চৌদিশে এচাম দুষ্ট চক্ৰই বন্য পশু-পক্ষী হত্যা কৰি ইয়াৰ মাংস, ছাল, দাঁত, নখ, হাড় আদিৰ চোৰাং ব্যৱসায় চলাই আহিছে, ঠিক তেনে সময়তে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী কুজীডাঁহৰ প্ৰকৃতিপ্ৰেমী যুৱক হৃদয়ানন্দ বৰাৰ তৎপৰতাত এটি দুষ্প্ৰপ্য প্ৰজাতিৰ পক্ষী সোমবাৰে মৃত্যুৰ মুখৰপৰা ৰক্ষা পৰে।
জানিব পৰা মতে, নিচেই পুৱা যুৱকজনে ঘৰৰ ওচৰৰে ফালেংবৰি পথাৰত এটি দুষ্প্ৰপ্য বৰটোকোলা চৰাই আঘাটপ্ৰাপ্ত হৈ পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে তেওঁ কথাটো এগৰাকী স্থানীয় সংবাদসেৱীক অৱগত কৰে৷