নগাঁও/জাজৰঃ অসম চৰকাৰৰ বিয়াগোম বিভাগসমূহৰ ভিতৰত শিক্ষা বিভাগো এটা। বিভিন্ন শৈক্ষিক উত্তৰণৰ কথা কৈ তথা গুনোৎসৱ অনুষ্ঠিত কৰি শৈক্ষিক কাৰ্যসূচীৰ উত্তৰণ কৰাৰ চেষ্টা কৰিছে যদিও কাৰ্যক্ষেত্রত ব্যাপক অনিয়ম আৰু অনীতিৰে চলিছে কাৰ্যালয়সমূহ।
শেহতীয়াকৈ নগাঁও জিলা বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰপৰা পোৱা এক আৰটিআই উত্তৰে সচেতন ৰাইজৰ চকু কপালত তুলিছে। কাৰ্যালয়টোৰপৰা পোৱা চিঠি নং ডিআই(ন) আৰটিআই/২০১৮-১৯/১১,৯২৭ তাং ২৪/৪/২০১০ত কোৱা হৈছে যে পূৰ্ব পৰম্পৰাগতভাৱে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ-পত্রত প্ৰতি স্বাক্ষৰ কৰা হয়।