Home ৰাজ্য৩০ জুনত দ্বি-বাৰ্ষিক অধিবেশনৰ সিদ্ধান্ত

৩০ জুনত দ্বি-বাৰ্ষিক অধিবেশনৰ সিদ্ধান্ত

by News Desk
A+A-
Reset
6c6bb23c-4690-4741-8cf0-54599164ca8e

জাজৰিঃ ভাষা-সাহিত্য সংস্কৃতি চৰ্চা আৰু অনুশীলনৰ মুকলি মঞ্চ নগাঁৱৰ অন্যতম সাহিত্যানুষ্ঠান অৰুণোদয় সাহিত্য চ’ৰাৰ ২০১৯-২১ বৰ্ষৰ বাবে সভাপতি আৰু সম্পাদক ৰূপে নিৰ্বাচিত হৈছে বিশিষ্ট লেখক, সমালোচক মৃদু পৱন বৰা আৰু কবি, লেখক, সাংবাদিক ৰাহুল দেৱ বৰদলৈ। চ’ৰাৰ সভাপতি ভৱেশ মেধিৰ পৌৰোহিত্যত অসম হোমিঅ’ প্যেথিক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ১২ মে’ৰ সভাতেই নতুন সভাপতি আৰু সম্পাদক দুয়োগৰাকীকে চ’ৰাৰ ফালৰপৰা অভিনন্দন জনোৱাৰ লগতে তেখেত সকলৰ নেতৃত্ব আৰু যুক্তিসন্মত পৰিকল্পনাত অৰুণোদয় সাহিত্য চ’ৰাই গতিশীলতা অক্ষুন্ন ৰাখিব বুলি আশা ব্যক্ত কৰে। 

২০০৯ চনত প্ৰতিষ্ঠা লাভ কৰা ভাষা-সাহিত্য চৰ্চা আৰু অনুশীলনৰ অনুষ্ঠান নগাঁৱৰ অৰুণোদয় সাহিত্য চ’ৰাই অহা জুন মাহত দশম বছৰ পূৰ্ণ হ’ব৷ ধাৰাবাহিকভাৱে প্ৰতিমাহৰ দ্বিতীয়টো দেওবাৰে সাহিত্য পাঠৰ বৈঠক অনুষ্ঠিত কৰি দহ বছৰ পূৰ্ণ কৰা সাহিত্য চৰ্চাৰ অনুষ্ঠানটিৰ ২০১৭-১৯ দ্বি-বাৰ্ষিক অধিৱেশনখন অহা ৩০ জুনত নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰাৰ দিহা কৰিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0