জাজৰিঃ সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত সোনাইপৰীয়া শাখা কবি সন্মিলনে অসমীয়াৰ প্ৰাণৰ আপোন বাপতিসাহোন ব’হাগ বিহুক কেন্দ্ৰ কৰি পহিলা বহাগৰ দিনটোতে শাখাটোৰ অন্তৰ্গত সাত গৰাকী বিশিষ্ট নাগৰিকৰ ঘৰলৈ গৈ ‘ব’হাগী বৰণ’ শীৰ্ষক অনুষ্ঠানটি ৰূপায়ন কৰে।
দিনৰ ১১ বজাতে শাখাটিৰ প্ৰতিনিধি সকলে পৰম্পৰাগত জাতীয় সাজ পৰিধান কৰি বিশিষ্ট নাগৰিক কেইগৰাকীৰ ঘৰলৈ গৈ একোখনকৈ ফুলাম গামোচা আৰু সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়া আৰু সম্পাদক উজ্জ্বল পাওগামৰ স্বাক্ষৰ সম্বলিত ‘স্নেহ পত্ৰ’ প্ৰদানেৰে বিহুৰ ওলগ তথা সম্বৰ্ধনা জনোৱাৰ লগতে আশীষ গ্ৰহণ কৰে৷