জাজৰিঃ  জাজৰিৰ নিকটৱৰ্তী গা-খজুৱা যুৱক সংঘৰ সৌজন্যত অহা ২৯ আৰু ৩০ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপনৰ দিহা কৰিছে। এই ৰঙালী বিহুৰ লগত সংগতি ৰাখি উদ্যোক্তা সকলে এইবাৰ এখন সৌন্ধৰ্য প্ৰতিযোগিতাৰো আয়োজন কৰিছে। 

প্ৰকাশিত কাৰ্যসূচী অনুসৰি ২৯ এপিলৰ দিনা বিহু প্ৰতিযোগীতা অনুষ্ঠিত হ’ব আৰু ৩০ এপ্ৰিলত পৰম্পৰাগত সাজ-পাৰ পৰিধানেৰে সৌন্দৰ্য প্ৰদৰ্শন তথা প্ৰতিযোগিতা মি: ৰংমন আৰু মিচ ৰাংঢালী অনুষ্ঠিত হ’ব। এই সৌন্দৰ্য প্ৰতিযোগিতা নিশা ৮ বজাৰপৰা অনুষ্ঠিত হ’ব আৰু বিজয়ী মি: ৰংমন , মিচ ৰাংঢালীক মানপত্রৰ লগত নগদ ৫০০০.০০ টকাকৈ পুৰস্কৃত কৰা হ’ব। প্ৰতিযোগিতাত ১৬ বছৰৰ যিকোনো প্ৰতিযোগীয়ে অংশগ্ৰহন কৰিব পাৰিব। বিহু প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ১২০০০.০০ টকা, দ্বিতীয় পুৰস্কাৰ ৮০০০.০০ টকা উদ্বোক্তা সমিতিয়ে ঘোষনা কৰিছে।