জাজৰিঃ বটদ্ৰৱা সমষ্টিৰ কপাহেৰাৰ প্ৰবীন ৰাজ্যিক পৰ্যায়ৰ ফুটবল খেলুৱৈ, ক্ৰীড়া সংগঠক ললিত বৰা ( লালৈ ) ৰজা ঘৰৰপৰা বঞ্চিত হৈ ঘৰতে এক ৰুগীয়া জীৱন অতিবাহিত কৰাক লৈ কপাহেৰা অঞ্চলৰ সচেতন মহলে গভীৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।
উল্লেখ্য যে, ললিত বৰা এসময়ত ডিফু ফুটবল একাদশ, কপাহেৰা বাৰোৱাৰী ফুটবল একাদশ, ন-জোৱান ফুটবল একাদশৰ নিয়মীয়া খেলুৱৈ থকাৰ লগতে অসমৰ বিভিন্ন স্থানত উজ্জীৱিত খেল প্ৰদৰ্শনেৰে সেই সময়ৰ ফুটবল প্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান আশীৰ দেওনা পাৰ হোৱা এই গৰাকী প্ৰবীন খেলুৱৈ বাৰ্দ্ধক্যজনিত ৰোগত ৰুগীয়া হৈ অৰ্থৰ অভাৱত নিজা কপাহেৰাস্থিত গৃহত শৰ্যাগত আৰু নি:সংগ জীৱন কটাইছে।