নগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সোমবাৰে ৰাজ্যজুৰি ৰূপায়িত হোৱা ১০ ঘন্টীয়া অনশন কাৰ্যসূচী নগাঁও জিলাৰ জাজৰিটো পালন কৰা হয়৷
হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় বহুকেইটা সংগঠনৰ সহযোগত জাজৰি বাছষ্টেণ্ডত পুৱা ৭ বজাৰপৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ তথ্য সম্পাদক নিপন শৰ্মা, সাংস্কৃতিক সম্পাদক হিৰণ্য জ্যোতি বৰা, গৰিয়া-মৰিয়া দেশীয় জাতীয় পৰিষদৰ জাজৰি আঞ্চলিকৰ সভাপতি ৰাকিবুদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল হাচিম, প্ৰাক্তন ছাত্ৰ নেতা দেৱ কুমাৰ বৰা, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক পংকজ ডেকা, মানৱ অধিকাৰ কৰ্মী ভৱমনি শইকীয়া, সমাজকৰ্মী কবি উদ্দিন আহমেদ, প্ৰতিবাদী কণ্ঠশিল্পী জীতু শ্ৰাৱন, যুৱ নেতা বিশ্বজ্যোতি মহন্ত, হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৃতাঞ্জল বৰা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আনচাৰ আহমেদকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে৷