জাজৰিঃ যোৱা ৩ এপ্ৰিলত অসমৰ ভ্ৰাম্যমান শৰাইঘাট থিয়েটাৰৰ প্ৰযোজক, সাংস্কৃতিক কৰ্মী কৃষ্ণানন্দ তামুলীয়ে পৰলোক গমন কৰে। তেখেতৰ শনিবাৰে আদ্যশ্ৰাদ্ধৰ দিন। আদ্যশ্ৰাদ্ধৰ পবিত্র দিনটোত প্ৰয়াত কৃষ্ণানন্দ তামুলীৰ জাজৰিস্থ বাসগৃহ তথা শৰাইঘাট থিয়েটাৰৰ মুখ্য কাৰ্যালয়ত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়।
পশ্চিম নগাঁও জিলা সত্র মহাসভাৰ ব্যৱস্থাপনাত অনুষ্ঠিত স্মৃতিচাৰণ সভাত প্ৰয়াত তামুলীৰ প্ৰতিচবিত বন্তি প্ৰজ্বলন কৰে পশ্চিম নগাঁও জিলা সত্র মহাসভাৰ সভাপতি ঘনমোহন গোস্বামীয়ে। সাংবাদিক ৰাহুল দেৱ বৰদলৈৰ সম্পাদনাত সোঁৱৰণি গ্ৰন্থ "কৃষ্ণানন্দ" উন্মোচন কৰে অসম সত্র মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভৱ গোস্বামীয়ে।
পশ্চিম নগাঁও সত্র মহাসভাৰ সম্পাদক মানিক বৰাই আঁতধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰয়াত তামুলীক সোঁৱৰি বক্তব্য ৰাখে জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দেবেন্দ্ৰ নাথ শইকীয়া, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক থগিত মহন্ত, আবুল খায়েৰ আহমেদ, অৱসৰপ্ৰাপ্ত শিক্ষক জীৱন ৰাম বৰা, প্ৰমথেশ গোস্বামী, পশ্চিম নগাঁও সত্র মহাসভাৰ প্ৰাক্তন সম্পাদক বুধিন মহন্ত, প্ৰয়াত তামুলীৰ খুড়াক ৰমেশ তামুলী, সুৰেশ মহন্তকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে।