জাজৰিঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতাৰে সমগ্ৰ অসমত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বুধবাৰে নগাঁও জিলাৰ জামুগুৰিত অনুষ্ঠিত হল “গাঁৱে ভূঞে কবিতাৰে প্ৰতিবাদ “।
সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত নগাঁও জিলা আৰু প্ৰতিখন শাখাৰ আহ্বানত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাখনৰ আৰম্ভণিতে গণশিল্পী সূৰ্য দাসৰ এটি বিপ্লৱী গীত পৰিবেশন কৰে ৰাহুল দেৱ বৰদলৈয়ে। স্বভাৱকবি নৰেন নাথে বন্তি প্ৰজ্বলন কৰা সভাত নাগৰিকত্ব বিধেয়ক সম্পৰ্কত উদ্দৰ্ত্ত ভাষণ ৰাখে শিক্ষাবিদ সুচীল বৰা আৰু শিশু সাহিত্যিক ত্রৈলোক্য ভট্টাচাৰ্যই।