newsnextone.com | জাজৰিঃ অগপ, বিজেপি, বিপিএফৰ মিত্ৰদলৰ চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ আজিও বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত ৰাইজৰ অভাৱ দূৰ কৰিব পৰা নাই৷ আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী-বিধায়কে শূন্য সহনশীলতাৰ কথা কৈ দুৰ্নীতি ৰোধ কৰাৰ কথা কয় যদিও ৰাজ্য চৰকাৰ খনক ভয় নকৰে ঠিকাদাৰ, অভিযন্তাই৷ 

চৰকাৰে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে শূন্য সহনশীলতা নীতি অৱলম্বন কৰিলেও চৰকাৰক প্ৰত্যাহ্বান জনাই একাংশ দুৰ্নীতি গ্ৰস্ত বিষয়া-কৰ্মচাৰী, ঠিকাদাৰে নিতৌ সংঘটিত কৰি গৈছে দুৰ্নীতি৷ তাৰ মাজতে এগৰাকী ঠিকাদাৰে গড়কাপ্তানী দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে নগাঁও জিলাৰ জাজৰিত৷

নগাঁও-মৰিগাঁও সংযোগী গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথৰ অৱস্থাই ৰাইজে যমৰ-যাতনা ভোগ কৰিব লগা হৈছে৷ নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৰ প্ৰায় ১৫ বছৰৰো অধিক কাল নগাঁও-মৰিগাঁও সংযোগী পথ জৰাজীৰ্ণ হৈ থকা পথ শেহতীয়াকৈ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল৷

নগাঁৱৰ নাহাতা নামৰ এজন প্ৰথম শ্ৰেণীৰ ঠিকাদাৰক পথ নিৰ্মাণৰ দায়িত্ব দিয়াৰ ডেৰ বছৰ পাৰ হ’ল। বাৰপূজিয়াৰ পৰা নগাঁৱলৈ প্ৰায় ২০ কিঃ মিঃ পথ নিৰ্মাণত ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ নিম্নমানৰ সামগ্ৰী আৰু লেহেমীয়া গতিৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

দীৰ্ঘদিন জীয়াতু ভোগা গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ ক্ষেত্রত হোৱা অনিয়ম সন্দৰ্ভত স্থানীয় ৰাইজে দিয়া অভিযোগক গুৰুত্ব নিদি মইমতালিৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। পথ নিৰ্মানত প্ৰয়োজনীয় মাটি নিদিয়া, পুৰণি পথৰ জাৱৰ-জোঁথৰ চাফা নকৰা, গছৰ মূৰা উঘালি নেপেলোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।

ৰাইজৰ কোনো অভিযোগক কেৰেপ নকৰি নিজৰ খেয়াল খুচি মতে কাম কৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে। ৰাইজে অভিযোগ দিলে দম্ভালি মৰা কথাৰে বিষয়টোৰ পৰা ফালৰি কাটি ব্যাপক অনিয়ম সংঘটিত কৰি গৈছে। ইপিনে বাৰিষা সমাগত। সামন্য বৰষুণতে পথটোৰৰ অভাবনীয় পৰিবেশৰ সৃষ্টি হৈছে৷