Home ৰাজ্যজাজৰিত আছুৰ উদ্যোগত ছহিদ চন্দন সিঙক গভীৰ স্মৰণ

জাজৰিত আছুৰ উদ্যোগত ছহিদ চন্দন সিঙক গভীৰ স্মৰণ

by News Desk
A+A-
Reset
c9efcbf1-903e-430f-a97c-1478d4cb9bcb

নগাঁওঃ দেশৰ হকে অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনত জঁপিয়াই পৰি ১৯৮৩ চনৰ ১৪ ফেব্ৰুৱাৰীৰ দিনটোতে স্বদেশ আৰু স্বজাতিৰ বাবে নিজৰ বহুমূলীয়া জীৱন আহুতি দিয়া নগাঁও জিলাৰ ব’ৰকলাৰ ছহিদ চন্দন সিঙক বৃহস্পতিবাৰে জাজৰিত গভীৰভাবে স্মৰণ কৰা হয়৷ হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত জাজৰি বাছ আস্থানত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ 

কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত ছহিদ চন্দন সিঙৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পণৰ অন্তত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়৷ সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ তথ্য সম্পাদক নিপন শৰ্মাই উদ্দেশ্য ব্যাখ্যা আৰু আঁত ধৰা সভাখনিত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অভিজিৎ দাস, প্ৰাক্তন সাধাৰণ সম্পাদক পংকজ ডেকা, অসম আন্দোলনৰ নেতা দেৱ কুমাৰ বৰা,বিশিষ্ট সমাজ সংগঠক ক্ষিতেশ্বৰ বৰা, গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদৰ জাজৰি আঞ্চলিকৰ কাৰ্যকৰী সভাপতি নিজামুল হক, যুৱ নেতা বিশ্বজ্যোতি মহন্ত, প্ৰতিবাদী কণ্ঠশিল্পী জিতু শ্ৰাৱণ, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক হিৰণ্য জ্যোতি বৰা, হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মিটুমনি ফুকন, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আনচাৰ আহমেদকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি দেশৰ হকে যুঁজি আত্মবলিদান দিয়া ছহিদ গৰাকীক স্মৰণ কৰাৰ লগতে তেওঁৰ কৰ্মৰাজি আৰু জীৱনাদৰ্শৰ ওপৰত গভীৰভাৱে আলোকপাত কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0