জাজৰিঃ সমগ্ৰ দেশৰ প্ৰতিখন জিলাক সামৰি অনুষ্ঠিত হোৱা নিউ ইণ্ডিয়া মন্থনৰ লক্ষ্যৰে ‘সংকল্পৰ পৰা সিদ্ধি’ শীৰ্ষক অনুষ্ঠান আজি নগাঁৱৰ চিলঙনীৰ কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হয়। যোৱা ১৯ আগষ্টৰ পৰা সমগ্ৰ দেশত আৰম্ভ হোৱা নিউ ইণ্ডিয়া মন্থনৰ ওপৰত ব্যাখ্যা দাঙি ধৰে কেন্দ্ৰটোৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই।
ৰাজ্যখনত ২০২২ চনৰ ভিতৰত প্ৰতিজন কৃষকৰ আয় দুগুণ বৃদ্ধি সম্পৰ্কত ড০ ডেকাই বিভাগীয়ভাৱে লোৱা ব্যৱস্থাৱলীৰ বিষয়েও বিৱৰণ দাঙি ধৰে। অনুষ্ঠানত কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্রী ৰাজেন গোঁহাই উপস্থিত থাকি ‘সংকল্পৰ পৰা সিদ্ধি’ৰ বাবে এক শপত বাক্য পাঠ কৰোৱাৰ লগতে প্ৰধানমন্ত্রীৰ বাৰ্তাও পাঠ কৰে।