Home ৰাজ্যজাজৰিত জ্বলিল সৰ্বানন্দ-হিমন্ত-আঙুৰলতাৰ পুত্তোলিকা

জাজৰিত জ্বলিল সৰ্বানন্দ-হিমন্ত-আঙুৰলতাৰ পুত্তোলিকা

by News Desk
59 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জাজৰিত হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা ৰাইজৰ সহযোগত বুধবাৰে ৰূপায়ণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী। ৰাইজৰ আবেগ আৰু ইচ্ছাৰ বিৰুদ্ধে গৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জাতি-মাটি-ভেটিৰ কথা বিজেপি চৰকাৰৰ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক গৃহীত কৰিবলৈ লোৱা হঠকাৰী সিদ্ধান্তৰ লগতে নলবাৰীত আছু কৰ্মীক কৰা অত্যাচাৰ তথা থানাৰ ভিতৰতে কৰা প্ৰহাৰৰ দৰে ঘটনাক তীব্ৰ বিৰোধিতা কৰি সংগঠনটোৰ সদস্য সকলে জাজৰি বাছ আস্থানত গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। 

উল্লেখ্য যে, এই কাৰ্যসূচীত সংগঠনটিৰ সদস্যসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগতে এই সমগ্ৰ ঘটনা সম্পর্কত নিমাতি কইনাৰ ভূমিকা পালন কৰি অহা স্থানীয় বিধায়িকা আঙুৰলতা ডেকাৰ পুত্তলিকা দাহ কৰাৰ বিপৰীতে অসম চৰকাৰ হায়-হায়, সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব শৰ্মা, আঙুৰলতা ডেকা মুৰ্দাবাদ, বিজেপিৰ গুণ্ডামি নচলিব, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, আদি শ্লোগানে পৰিবেশ উত্তাল কৰি তোলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0