জালাহঃ বাক্সা জিলাৰ জালাহ শিক্ষা খণ্ডৰ অন্তৰ্গত শংকৰদেৱ শিশু-বিদ্যা নিকেতন, জালাহে ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি আৰম্ভ কৰিছে।
উদযাপন সমিতিয়ে জনোৱা অনুসৰি জানুৱাৰী মাহৰ ২৭ আৰু ২৮ তাৰিখৰ দুয়োটা দিনত ভিন্ন কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ পালনৰ প্ৰস্তুতি হাতত লৈছে। ৰূপালী জয়ন্তীৰ প্ৰথম দিনটোত ক্ৰমে প্ৰভাত ফেৰী, মূল তোৰণৰ উদঘাটন, নিকেতনৰ পতাকা উত্তোলন, ৰূপালী জয়ন্তীৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, বৃক্ষ ৰোপণ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ নাম পঞ্জীয়ন, ভোজনালয়ৰ দ্বাৰ উদঘাটন আৰু ‘সাম্প্ৰতিক সময়ত শিক্ষকৰ সামাজিক দায়িত্ব’ সম্বন্ধে আলোচনাচক্ৰ লগতে দ্বিতীয়টো দিনত পুৱাৰেপৰা সন্ধিয়ালৈ ক্ৰমে চাফাই অভিযান, সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব।