জালাহঃ “মাতৃভাষাত শিক্ষা লাভ কৰিলেও আমি ইংৰাজী ভাষাত ভাল হ’ব পাৰো”। সোমবাৰে বাক্সাৰ জালাহস্থিত শংকৰদেৱ শিশু/বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তীৰ মুকলি সভাৰ মুখ্য আলহীৰ ভাষণত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দয়ানন্দ পাঠকে এইদৰে কয়।
তেওঁ আৰু কয় যে শ্ৰেণীকোঠাৰ মাজতে জাতি গঠন হয়। আবেলি ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি অচ্যুত নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই মুকলি সভা উদ্বোধন কৰি বি এইচ কলেজৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক মুনিন্দ্ৰ নাৰায়ণ গোস্বামীয়ে সামগ্ৰিক সুন্দৰতাই হৈছে সংস্কৃতি বুলি কয়। আনহাতে, বিদ্যা ভাৰতী পূৰ্বত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ব্ৰহ্মাজী ৰাওৱে নিৰ্দিষ্ট বক্তাৰ ভাষণত বহুতো গুৰুত্বপূৰ্ণ আৰু তত্ত্বগধুৰ কথা উপস্থিত ৰাইজৰ আগত দাঙি ধৰে।