মাতৃভাষাত শিক্ষা লাভ কৰিলেও আমি ইংৰাজী ভাষাত ভাল হব পাৰো ---ড° দয়ানন্দ পাঠক

জালাহঃ "মাতৃভাষাত শিক্ষা লাভ কৰিলেও আমি ইংৰাজী ভাষাত ভাল হ’ব পাৰো"। সোমবাৰে বাক্সাৰ জালাহস্থিত শংকৰদেৱ শিশু/বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তীৰ মুকলি সভাৰ মুখ্য আলহীৰ ভাষণত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দয়ানন্দ পাঠকে এইদৰে কয়।

তেওঁ আৰু কয় যে শ্ৰেণীকোঠাৰ মাজতে জাতি গঠন হয়। আবেলি ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি অচ্যুত নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই মুকলি সভা উদ্বোধন কৰি বি এইচ কলেজৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক মুনিন্দ্ৰ নাৰায়ণ গোস্বামীয়ে সামগ্ৰিক সুন্দৰতাই হৈছে সংস্কৃতি বুলি কয়। আনহাতে, বিদ্যা ভাৰতী পূৰ্বত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ব্ৰহ্মাজী ৰাওৱে নিৰ্দিষ্ট বক্তাৰ ভাষণত বহুতো গুৰুত্বপূৰ্ণ আৰু তত্ত্বগধুৰ কথা উপস্থিত ৰাইজৰ আগত দাঙি ধৰে। 

দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা ৰূপালী জয়ন্তীৰ সোমবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী পুৱা চাফাই অভিযানেৰে আৰম্ভ হয়। ইয়াৰ পিছত থমনা আঞ্চলিক কলেজৰ প্ৰবক্তা অশ্বিনী দাসৰ পৰিচালনাৰে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় আৰু উক্ত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বৰমা কলেজৰ অধ্যক্ষ ড° টিকেন চন্দ্ৰ দাসে।

লগতে বৰমা কলেজৰ অধ্যক্ষ ড° টিকেন দাসে মুকলি সভাত উন্মোচন কৰা তথা ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থখন উন্মোচন কৰে।তদুপলক্ষে সাংস্কৃতিক সন্ধিয়া মুকলি কৰে শিল্পী সৈনিক ব্ৰজনাথ শৰ্মা বঁটা প্ৰাপ্ত দশৰথ দাসে।