104
ৰফিকুল ইছলাম, জলেশ্বৰঃ ‘বোকাত ফুলে পদুম’l সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো নহ’ল ইয়াৰ ব্যতিক্ৰম।
ৰাজ্যৰ ভিন্ন প্ৰান্তত উজলিল বোকাৰ পদুমl ঠিক তেনেদৰে ধুবুৰীৰ ফকিৰগঞ্জতো উজলিছে এগৰাকী বোকাৰ পদুমl অতিশয় দৰিদ্ৰ পৰিয়ালৰ মাশীদুৰ ৰহমান নামৰ এগৰাকী ছাত্রই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰতিটো বিষয়ত গড়ে 95% শতাংশ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে ফকিৰগঞ্জলৈl