নতুন দিল্লীঃ অৱশেষত সৰ্বোচ্চ ন্যায়ালয় পালে উত্তৰ প্ৰদেশৰ বুলডজাৰ কাণ্ডই। সোমবাৰে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে বিগত সময়ছোৱাত সততে বুলডজাৰ ব্যৱহাৰ কৰি অহা কাৰ্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় জমিয়ত উলেমা-ই-হিন্দ। বুলডজাৰৰ অনাহক ব্যৱহাৰৰ বিৰুদ্ধে জনোৱা আবেদনখনত জমিয়তে উত্তৰ প্ৰদেশ চৰকাৰে দেশৰ আইন-কানুনক ভৰিৰে মোহাৰি অহাৰ অভিযোগ উত্থাপন কৰিছে।
আবেদনখনত সংগঠনটোৱে আইনী প্ৰক্ৰিয়া অবিহনে কোনো ব্যক্তিৰে ঘৰ বুলডজাৰেৰে ভাঙি নিদিবলৈ নিৰ্দেশ দিবলৈ আহ্বান জনাইছে। লগতে নিজৰ মন-মৰ্জিমতে কাম কৰি অহা চৰকাৰী বিষয়া আৰু আৰক্ষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈকো সৰ্বোচ ন্যায়ালয়ক আহ্বান জনাইছে জমিয়ত উলেমা-ই-হিন্দে।
আইন ভংগ কৰি এতিয়ালৈকে উত্তৰ প্ৰদেশত যিমান লোকৰ ঘৰ বুলডজাৰেৰে ভাঙি দিয়া হৈছে সেই সকলোকে ক্ষতিপূৰণ দিয়াৰ কথাও উল্লেখ আছে আবেদনখনত। উত্তৰ প্ৰদেশৰ আৰক্ষী-প্ৰশাসনে সম্পূৰ্ণ ৰূপে আইন ভংগ কৰি এনে কাৰ্য সংঘটিত কৰি আহিছে বুলিও আবেদনত দাবী কৰিছে জমিয়তে।
যোগী আদিত্য নাথ মুখ্য ন্যায়াধীশ!
সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত জমিয়তে উত্তৰ প্ৰদেশৰ বৰ্তমানৰ স্থিতি অতিশয় উদ্বেগজনক বুলি উল্লেখ কৰিছে। সময় থাকোতেই এই বিষয়টোক গুৰুত্বসহকাৰে নল’লে সমগ্ৰ দেশতে এক প্ৰকাৰৰ অৰাজক পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও ব্যক্ত কৰিছে জমিয়তে।
উল্লেখ্য যে, শুকুৰবাৰে দেশৰ ভিন্ন প্ৰান্তত বিজেপিৰ দুগৰাকীকৈ মুখপাত্ৰই হজৰত মহম্মদ সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে ইছলাম ধৰ্মাৱলম্বী লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ লগতে উত্তৰ প্ৰদেশৰো ভিন্ন স্থানত হিংসাত্মক হৈ পৰিছিল এই প্ৰতিবাদ। ইয়াৰ পিছতে তিবাদত সংঘটিত হোৱা হিংসাত্মক ঘটনাত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰে উত্তৰ প্ৰদেশ চৰকাৰ।
প্ৰয়াগৰাজত সংঘটিত হিংসাত্মক ঘটনাৰ সন্দেহজনক অভিযুক্ত মহম্মদ জাভেদ ওৰফে জাভেদ পাম্পৰ বাসগৃহত শনিবাৰে বুলডজাৰেৰে অভিযান চলায় উত্তৰ প্ৰদেশৰ আৰক্ষী প্ৰশাসনে। এই সন্দৰ্ভত সোমবাৰে তীব্ৰ প্ৰতিক্ৰিয়া সাব্যস্ত কৰে এআইএমআইএমৰ মূৰব্বী আছাউদ্দিন অৱেচিয়ে। দেশৰ গণতন্ত্ৰৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰৰ এনে কাৰ্যক অতি ভয়ানক আখ্যা দিয়ে অৱেচিয়ে।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁ কয়, 'ইউপিৰ মুখ্যমন্ত্ৰী এতিয়া উত্তৰ প্ৰদেশৰ মুখ্য ন্যায়াধীশ হৈ পৰিছে। এতিয়া মুখ্যমন্ত্ৰীয়েই সৰ্বেসৰ্বা। কাৰ ঘৰ ভাঙিব লাগে সেয়া তেঁৱেই সিদ্ধান্ত ল’ব।’ তেওঁ লগতে কয় যে এতিয়া উত্তৰ প্ৰদেশত সকলো আদালতত তলা ওলমাই দিয়া উচিত আৰু ন্যায়াধীশসকলক আদালতলৈ যোৱাৰ প্ৰয়োজন নাই বুলি স্পষ্টকৈ কৈ দিব লাগে। কাৰণ উত্তৰ প্ৰদেশত কোন দোষী, কোন নিৰ্দোষী সেয়া নিৰ্ধাৰণ কৰিব কেৱল মুখ্যমন্ত্ৰী যোগীয়েহে।
প্ৰাক্তন বিজেপি নেতাৰো বিৰোধিতা
উত্তৰ প্ৰদেশত যোগী আদিত্যনাথে বুলডজাৰেৰে শাসন চলোৱা কাৰ্য কোনোপধ্যেই মানি ল’ব পৰা নাই প্ৰাক্তন বিজেপি নেতা তথা বাজপেয়ী চৰকাৰৰ সময়ৰ বিত্তমন্ত্ৰী যশৱন্ত সিনহাই। সম্প্ৰতি তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষৰ দায়িত্বত থকা সিনহাই এনে কাৰ্য দেশৰ বাবে অতি ভয়াৱহ বুলি মন্তব্য কৰিছে।
'মই সৰ্বোচ্চ ন্যায়ালয়ক উত্তৰ প্ৰদেশত বুলডজাৰক লৈ যি হৈ আছে সেই সন্দৰ্ভত নিজাববীয়াকৈ বিচাৰ কৰিবলৈ আহ্বান জনাইছো। কিয়নো এয়া হৈছে সম্পূৰ্ণৰূপে দেশৰ সংবিধান আৰু আইনৰ উলংঘা। কাৰ্যপালিকাক কোনো কাৰণতে একে সময়তে আৰক্ষী আৰু ন্যায়াধীশ হ’বলৈ এৰি দিয়া উচিত নহয়।’-মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক কটাক্ষ কৰি এইদৰে কয় বাজপেয়ীৰ একালৰ সতীৰ্থগৰাকীয়ে।
আইন উলংঘা কৰি ঘৰ ভঙাৰ অভিযোগ
ঘৰত বুলডজাৰ চলাৰ পিছতে প্ৰতিবাদক হিংসাত্মক কৰি তোলাৰ অভিযোগ উত্থাপিত হোৱা জাভেদ মহম্মদৰ অধিবক্তাই উত্থাপন কৰিছে একাধিক গুৰুতৰ অভিযোগ। জাভেদৰ অধিবক্তাই দাবী কৰা মতে প্ৰয়াগৰাজ ডেভলপমেণ্ট অথ’ৰিটিয়ে বেকডেটত জাভেদৰ ঘৰৰ বাহিৰত উচ্ছেদৰ নটিচ জাৰি কৰিছিল। উক্ত জাননীত পূৰ্বেও জাননী দিয়াৰ কথা উল্লেখ আছিল যদিও সেই জাননী জাভেদৰ পৰিয়ালে আজিলৈকে লাভ কৰা নাই।
আনহাতে জাভেদৰ নামত জাননী দি যিটো ঘৰত বুলডজাৰ চলোৱা হৈছে সেই ঘৰটো জাভেদৰ নামত নাছিলেই বুলিও সংবাদ মাধ্যমক জনাইছে জাভেদৰ অধিবক্তা কে কে ৰয়ে। অধিবক্তা ৰয়ে জনোৱা মতে, যিটো ঘৰ ভাঙি দিয়া হৈছে সেয়া প্ৰকৃততে জাভেদৰ পত্নী পাৰবিন ফাতিমাৰ নামতহে আছিল। উক্ত ঘৰটো পাৰবিনৰ পিতৃ-মাতৃয়ে পাৰবিনৰ বিয়াৰ পূৰ্বেই পাৰবিনৰ নামত লিখি থৈ গৈছিল।
'এয়া জাভেদৰ পৰিয়ালৰ প্ৰতি চৰকাৰে ঘোৰ অন্যায় কৰিছে। কাৰণ উচ্ছেদ সঠিকভাৱে কৰা দেখুৱাবলৈ গৈ ১১ জুনত ঘৰৰ বাহিৰত এখন জাননী জাৰি কৰা হৈছিল। জাননীখনত বেকডেটত কাৰণ দৰ্শোৱাৰ জাননীৰ কথাও উল্লেখ আছে। এই কাৰণ দৰ্শোৱাৰ জাননী জাভেদ মহম্মদ বা তেওঁৰ পত্নী পাৰবিন ফাতিমাই কেতিয়াও পোৱাই নাই।’-অধিবক্তাৰ মন্তব্য।
আদালতত চৰকাৰৰ উচ্ছেদ কাৰ্যৰ বিৰোধিতাৰে জনোৱা আবেদনত অধিবক্তাই মুছলিম পাৰ্ছনেল ল’ৰ কথাও উল্লেখ কৰিছে। এই সন্দৰ্ভত অধিবক্তাগৰাকীয়ে কয়, 'মুছলিম পাৰ্ছনেল ল’ অনুযায়ী পিতৃ-মাতৃৰ পৰা কোনো মহিলাই উপহাৰ হিচাপে পোৱা সম্পত্তিৰ একমাত্ৰ গৰাকী মৃত্যুলৈকে সেই মহিলাগৰাকীয়েই হৈ থাকে। এনে সম্পত্তিৰ ক্ষেত্ৰত হিন্দু আইন আৰু মুছলমান আইন সুকীয়া। সেই হিচাপত এই ঘৰটোৰ একমাত্ৰ গৰাকী পাৰবিন ফাতিমা। কিন্তু আৰক্ষীয়ে জাননী জাৰি কৰিছে জাভেদৰ নামত। গতিকে এয়া স্পষ্ট যে যোগী চৰকাৰে আইন ভংগ কৰি এই কাম কৰিছে।’
অধিবক্তা কে কে ৰয়ে আৰু কয় যে উত্তৰ প্ৰদেশত আইনৰ ৰক্ষকসকলেই আইন ভংগ কৰাতো কোনোপধ্যে মানি ল’ব নোৱাৰি। যেতিয়ালৈকে চৰকাৰে বুলডজাৰ লগাই ভাঙি দিয়া ঘৰটো পুনৰ নিৰ্মাণ কৰি নিদিয়ে তেতিয়ালৈকে আইনী যুদ্ধ চলাই যাব বুলিও সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে অধিবক্তাগৰাকীয়ে। ইয়াৰ বাবে প্ৰয়োজন হ’লে সৰ্বোচ্চ ন্যায়ালয়লৈ যাবলৈ সাজু আছে বুলিও তেওঁ কয়।
কোন এই জাভেদ মহম্মদ?
স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে জাভেদ মহম্মদ অঞ্চলটোৰ এগৰাকী যথেষ্ট প্ৰভাৱশালী ৰাজনৈতিক নেতা। ছাত্ৰ অৱস্থাৰে পৰা ৰাজনীতি কৰা জাভেদ দিল্লীৰ ৱেলফেয়াৰ পাৰ্টী অব ইণ্ডিয়াৰ সৈতে জড়িত। ইয়াৰ পূৰ্বে তেওঁ জনতা দলতো আছিল। ২০২২ৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত জাভেদৰ সৈতে অখিলেশ যাদৱে একেলগে সংবাদমেলো সম্বোধন কৰিছিল।
সততে জিলা প্ৰশাসনৰ বিভিন্ন অনুষ্ঠান, কাৰ্যসূচী তথা সামাজিক কাম-কাজ আদিত অংশগ্ৰহণ কৰি অহা জাভেদে সমাজবাদী দলৰ সহযোগত ৱেলফেয়াৰ পাৰ্টীৰ হৈ নিৰ্বাচন খেলাৰ পৰিকল্পনা কৰিছিল যদিও টিকট লাভ নকৰিলে। পেছাত ব্যৱসায়ী জাভেদৰ আছে মটৰ পাম্পৰ ব্যৱসায়। মটৰ পাম্পৰ ব্যৱসায়ৰ সৈতে জড়িত বাবেই স্থানীয় লোকসকলৰ মাজত তেওঁ জাভেদ পাম্প নামেৰেও পৰিচিত আছিল।
উল্লেখ্য যে, ঘৰ ভঙাৰ পিছতে ঘৰটো হঠাৎ কেনেদৰে অবৈধ হৈ পৰিল বুলি প্ৰশ্ন উত্থাপন কৰিছিল জাভেদৰ কন্যা আফৰিন ফাতিমাই। আফৰিন আলিগড় মুছলিম ইউনিভাৰ্ছিটিৰ মহিলা কলেজৰ ছাত্ৰ একতা সভাৰ অধ্যক্ষ আছিল। মেধাৱী ছাত্ৰী আফৰিন জেএনইউ ছাত্ৰ একতা সভাৰো নিৰ্বাচিত সদস্য আছিল। বৰ্তমান গৱেষক ছাত্ৰী হিচাপে জেএনইউত অধ্যায়ন কৰি আছে আফৰিনে।
প্ৰয়াগৰাজ আৰক্ষীৰ ভাষ্য কি?
প্ৰয়াগৰাজ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে। এছএছপি অজয় কুমাৰে সংবাদ মাধ্যমৰ আগত কয় যে যিসকলৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলক উচটনি দিয়াৰ প্ৰমাণ পোৱা গৈছে সেইসকলক কোনোপধ্যেই হাতসাৰি যাবলৈ এৰি দিয়া নহ’ব। লগতে কোনো নিৰ্দোষীয়ে যাতে এনেই কষ্ট পাবলগীয়া নহয় সেই বিষয়টোতো গুৰুত্ব দিছে বুলিও সদৰী কৰে আৰক্ষী বিষয়াগৰাকীয়ে।
'অভিযুক্ত জাভেদৰ ঘৰটোৰ নিৰ্মাণ কাৰ্য অবৈধ থকাৰ তথ্য পোৱা গৈছে। উক্ত তথ্যৰ ভিত্তিত প্ৰয়াগৰাজ ডেভলপমেণ্ট অথৰিটি আৰু জিলা প্ৰশাসনে উচ্ছেদ চলাইছে। উচ্ছেদৰ পূৰ্বে ঘৰটোত তালাচী চলোৱা হৈছিল। তালাচী কালত অবৈধ মাৰণাস্ত্ৰ আৰু আপত্তিজনক পোষ্টাৰ পোৱা গৈছে। ইয়াৰ ভিতৰত কেবাটাও ৰাইফল আছে। কিছু নথি-পত্ৰ আৰু কিতাপো উদ্ধাৰ কৰা হৈছে।’-এইদৰে কয় এছএছপি অজয় কুমাৰে।