newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ কুলগামত শনিবাৰে শিলাবৰ্ষণকাৰী প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষাৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়৷ নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীক প্ৰতিৰোধ কৰাৰ বাবে গুলি চালনা কৰাত ৩ গৰাকী স্থানীয় নাগৰিক নিহত হয়৷ নিহত সকলৰ মাজত এগৰাকী কিশোৰীও থকা বুলি জানিব পৰা গৈছে৷
আৰক্ষী বিষয়াই জনোৱা মতে, হৱেৰা মিচিপোৰা গাঁৱত নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলোৱাত গাঁওবাসীয়ে বাধা প্ৰদান কৰিছিল৷ ক্ষুব্ধ গাঁওবাসীক প্ৰতিৰোধ কৰিবলৈ সেনাই গুলি চালনা কৰোঁতে ৩ গৰাকী স্থানীয় লোকৰ মৃত্যু ঘটে৷ নিহত নাগৰিক কেইজন এণ্ডলিৱ (১৬), চাকিৰ আহমদ (২২) আৰু ঈৰছাদ অাহমদ(২০) বুলি জানিব পৰা গৈছে৷