newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে দেওবাৰে কুলগামৰ চাহদ ভান অঞ্চলত সেনাৰ কৰ্তব্যৰত এটা দলৰ ওপৰত অতৰ্কিত আক্ৰমণ চলায়৷ 

সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দি নিৰাপত্তাৰক্ষীৰ দলটোৱেও গুলিচালনা কৰে৷ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন লস্কৰৰ দুজন সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে৷

ভাৰতীয় সেনাই ৰাজ্যখনত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দি থকা পৰিলক্ষিত হৈছে৷ এই ঘটনাত কোনো নিৰাপত্তাৰক্ষা হতাহত হোৱাৰ বাতৰি পোৱা নাই৷

আনফালে বিক্ষোভ প্ৰদৰ্শনকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজতো কুলগামত সংঘৰ্ষৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে৷ যাৰ ফলত কুলগামত ইন্টাৰনেট সেৱা বন্ধ কৰি ৰখা হৈছে৷