newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীয়ে সৃষ্টি কৰিলে ত্ৰাসৰ৷ শুকুৰবাৰে পুলবামা জিলাৰ ত্ৰাল ক্ষেত্ৰত নিৰাপত্তাৰক্ষাৰ বাহনলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে অতৰ্কিত আক্ৰমণ চলায়৷ এই আক্ৰমণত ৯ গৰাকী নিৰাপত্তাৰক্ষী আহত হোৱা বুলি জানিব পৰা গৈছে৷

আনহাতে, জিলা আৰক্ষীয়ে জনোৱা মতে এই ঘটনাত কেইবাগৰাকী স্থানীয় বাসিন্দাও আহত হয়৷ আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, শুকুৰবাৰে দুপৰীয়া মুখ্য ত্ৰাল চ’কত সন্ত্ৰাসবাদীয়ে গ্ৰেনেড নিক্ষেপ কৰে৷ গ্ৰেনেড বিস্ফোৰণৰ ফলত কেইবাগৰাকীও লোক আঘাতপ্ৰাপ্ত হয়৷ ইয়াৰ ভিতৰত ৯ গৰাকী নিৰাপত্তাৰক্ষীও আহত হয়৷

ইয়াৰ পূৰ্বে শুকুৰবাৰে পুৱা যুদ্ধ বিৰতি অন্ত পৰাৰ পিছত জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত নিৰাপত্তাৰক্ষীয়ে ৪ সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, এই সন্ত্ৰাসবাদী কেইজন ‘ইছলামিক ষ্টেট জম্মু এণ্ড কাশ্মীৰ’ নামৰ এটি সন্ত্ৰাসবাদী সংগঠনৰ সদস্য আছিল৷ আনহাতে সন্ত্ৰাসবাদীৰ সৈতে চলা সংঘৰ্ষত জম্মু-কাশ্মীৰৰ ৰাজ্য আৰক্ষীৰ এজন জোৱান শ্বহীদ হোৱাৰ লগতে কেইবাজনো সাধাৰণ লোক আহত হয়৷