newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীয়ে সৃষ্টি কৰিলে ত্ৰাসৰ৷ শুকুৰবাৰে পুলবামা জিলাৰ ত্ৰাল ক্ষেত্ৰত নিৰাপত্তাৰক্ষাৰ বাহনলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে অতৰ্কিত আক্ৰমণ চলায়৷ এই আক্ৰমণত ৯ গৰাকী নিৰাপত্তাৰক্ষী আহত হোৱা বুলি জানিব পৰা গৈছে৷
আনহাতে, জিলা আৰক্ষীয়ে জনোৱা মতে এই ঘটনাত কেইবাগৰাকী স্থানীয় বাসিন্দাও আহত হয়৷ আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, শুকুৰবাৰে দুপৰীয়া মুখ্য ত্ৰাল চ’কত সন্ত্ৰাসবাদীয়ে গ্ৰেনেড নিক্ষেপ কৰে৷ গ্ৰেনেড বিস্ফোৰণৰ ফলত কেইবাগৰাকীও লোক আঘাতপ্ৰাপ্ত হয়৷ ইয়াৰ ভিতৰত ৯ গৰাকী নিৰাপত্তাৰক্ষীও আহত হয়৷