newsnextone.com | ডিজিটেল ডেস্কঃ পিডিপি, বিজেপি চৰকাৰৰ পতনৰ পিছতেই জম্মু-কাশ্মীৰত সেনাই সন্ত্ৰাস বিৰোধী অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে৷ যোৱা কেইবাটাও দিনত কেইবাগৰাকী সন্ত্ৰাসবাদীৰ গুলীত নিহত হোৱাৰ অন্তত শুকুৰবাৰেও উত্তৰ কাশ্মীৰৰ কুপৱাৰাত সেনাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই৷

অভিযান কালত সেনাৰ গুলীত এগৰাকী সন্ত্ৰাসবাদীৰ মৃত্যু হয়৷ পুৱতি নিশা সন্ত্ৰাসবাদীয়ে থিতাপি লোৱাৰ খবৰ লাভ কাৰে সেনাই৷ খবৰ লাভ কৰাৰ পিছতে সেনাই ঘেৰি লয় এলেকাটো৷ তেনেটা সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ লাগে৷ সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হয়৷