newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ চোপিয়ানৰ পৰা অপহৰণ কৰা আৰক্ষী কনিষ্টবল জাভেদ আহমদ ডাৰৰ মৃতদেহ শুকুৰবাৰে পুৱা কুলগামৰ পৰিবানত উদ্ধাৰ হয়৷ অপহৰণ হৈ থকা আৰক্ষী কনিষ্টবলগৰাকীৰ দেহত গুলীৰ চিন প্ৰত্যক্ষ কৰি তেওঁক সন্ত্ৰাসবাদীয়ে হত্যা কৰা বুলি আৰক্ষী নিশ্চিত হয়৷
২৭ বৰ্ষীয় জাভেদ বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল৷ কনিষ্টবলগৰাকীয়ে নিজ বাসগৃহৰ কাষৰ এখন ফাৰ্মাচীৰ পৰা ঔষধ আনিবলৈ যোৱা সময়তে বৃহস্পতিবাৰে সন্ধিয়া কেইগৰাকীমান বন্দুকধাৰী সন্ত্ৰাসবাদীয়ে তেওঁক অপহৰণ কৰি নিছিল বুলি জানিব পৰা গৈছে৷