61
পুলৱামাঃ অশান্ত-জৰ্জৰিত ৰাজ্য জম্মু-কাশ্মীৰত আতংকৰ আশংকা যেন কেতিয়াও শেষ নহয়৷ ৰাজ্যৰ পুলৱামা জিলাত মঙলবাৰে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত তুমুল সংঘৰ্ষ সংঘটিত হয়৷
জানিব পৰা মতে, পুলবামা জিলাৰ অন্তৰ্গত ৰত্নিপোৰা নামৰ এলেকাত এই সংঘৰ্ষ হয়৷ আনহাতে, এই সংঘৰ্ষত দুজন সেনাই প্ৰাণ হেৰুৱাৰ লগতে তিনিজন লোক আঘাটপ্ৰাপ্ত হয় যদিও সন্ত্ৰাসবাদী এজনক গুলীয়াই হত্যা কৰি নিৰাপত্তাৰক্ষীয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰে৷