পুলৱামাঃ অশান্ত-জৰ্জৰিত ৰাজ্য জম্মু-কাশ্মীৰত আতংকৰ আশংকা যেন কেতিয়াও শেষ নহয়৷ ৰাজ্যৰ পুলৱামা  জিলাত মঙলবাৰে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত তুমুল সংঘৰ্ষ সংঘটিত হয়৷

জানিব পৰা মতে, পুলবামা জিলাৰ অন্তৰ্গত ৰত্নিপোৰা নামৰ এলেকাত এই সংঘৰ্ষ হয়৷ আনহাতে, এই সংঘৰ্ষত দুজন সেনাই প্ৰাণ হেৰুৱাৰ লগতে তিনিজন লোক আঘাটপ্ৰাপ্ত হয় যদিও সন্ত্ৰাসবাদী এজনক গুলীয়াই হত্যা কৰি নিৰাপত্তাৰক্ষীয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰে৷

উল্লেখযোগ্য যে, পুলবামা নামৰ জিলাত সন্ত্ৰাসবাদীৰ গুপ্ত বিচৰণৰ খবৰ পাই ভাৰতীয় সেনাৰ ৫০ ৰাষ্ট্ৰীয় ৰাইফলছ, চি আৰ পি এফৰ ১৮২ আৰডি বেটেলিয়ান আৰু পুলৱামাৰ এছ অ’ জিৰ দলে জইন্ট অপৰেচন চলাইছিল৷ এই তিনিওটা দলে এক লগ হৈ এই অভিযানত কাম কৰি সফলতা অৰ্জন কৰিলেও এজন সৈন্য শ্বহীদ হ’বলগীয়া হয়৷ কিন্তু শত্ৰুক পৰাস্ত কৰি নিজৰ কৰ্তব্য পালন কৰে নিৰাপত্তাৰক্ষীসকলে৷