ডিজিটেল ডেস্কঃ শুকুৰবাৰে নিশা জম্মু কাশ্মীৰত সেনাৰ চুঞ্জৱানন সেনাৰ শিবিৰত উগ্ৰপন্থীয়ে ভয়াবহ আক্ৰমণ কৰে৷ সেনাৰ শিবিৰৰ পিছফালেৰে সন্ত্ৰাসবাদী প্ৰৱেশ কৰে চুঞ্চৱান সেনাৰ শিবিৰত৷ সন্ত্ৰাসবাদী আফজল গুৰুৰ বৰ্ষপূৰ্তি অহাৰ সময়তে চোৰাংচোৱাই এনে ঘটনা সংঘটিত হ’ব পাৰে আশংকা কৰিছিল৷ ২০১৩ চনত ন্যায়ালয়ে ফাচি দিছিল সন্ত্ৰাবাদী আফজাল গুৰুক৷ তিনিগৰাকী সন্ত্ৰাসবাদীয়ে আবাসীক এলেকাত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীচালনা কৰে৷
কোনো উগ্ৰপন্থীয়ে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও জইচ-ই-মহম্মদে এই কাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে৷ পুৱা ৪.৫৫ বজাত প্ৰৱেশ কৰি চেন্ট্ৰীক লক্ষ্য কৰি গুলীচলনা কৰে৷ তাৰ পিছতেই ভিতৰত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীচালনা কৰে যদিও কিছু সময় পিছতেই অভিযান আৰম্ভ হয় আৰু এটি কোৱাৰ্টাৰত বন্দী কৰে সন্ত্ৰাসবাদীক৷
বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে সেনাই৷ ঘটনাৰ পিছতেই সমগ্ৰ কাশ্মীৰত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে৷ বায়ু সেনাই অভিযানত অংশ গ্ৰহণ কৰে৷ উধামপুৰৰ পৰা পেৰা কমাণ্ডু অনা হৈছে৷ আনহাতে জম্মু কাশ্মীৰ বিধানসভাত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়৷ আক্ৰমণকলৈ উত্তাল প্ৰতিবাদৰ সৃষ্টি হোৱাত প্ৰায় ২০ মিনিট সময় বিধান সভা স্থগিত ৰাখিব লগা হয়৷ জম্মু কাশ্মীৰৰ বিধান সভাত একাংশ বিধায়ক পাকিস্তান মূৰ্দাবাদ ধ্বনি দিয়ে৷ সেনাই যোৱা ৭ ঘন্টা ধৰি অভিযান অব্যাহত ৰাখিছে৷ দুগৰাকী উগ্ৰপন্থীক এটা পৰিয়ালত বন্দী কৰি ৰাখিছে৷ আক্ৰমণত দুগৰাকী সেনাৰ জোৱান শ্বহীদ হোৱাৰ লগতে ৪ গৰাকী লোক আহত হয়৷
ঘটনাৰ প্ৰতিক্ৰিয়া
প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই কয় ‘‘এনে কোনো এটা দিন নাযায় যিটো দিনত পাকিস্তানী উগ্ৰপন্থীয়ে কাশ্মীৰত আক্ৰমণ নকৰাকৈয়ে থাকে৷ এনে ঘটনা সংঘটিত হোৱাৰ পিছত গম পোৱা য়াই যে এনে ঘটনাৰ সৈতে পাকিস্তানৰ উগ্ৰপন্থী জৰিত থাকে৷ পাকিস্তানে যদি ভাৰতৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব বিচাৰে তেন্তে উগ্ৰপন্থাৰ আক্ৰমণ বন্ধ কৰক নহলে ভয়াবহ পৰিণাম ভূগিব লাগিব৷ মই দূখেৰে কৈছো যে পাকিস্তানে যদি এই কাণ্ড বন্ধ নকৰে ভাৰত যুদ্ধৰ বাবে সাজু হ’ব লাগিব৷’’
দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে কয় ‘‘মই ঘটনাকলৈ এতিয়া একো নকও৷ কিয়নো এতিয়াও অভিযান চলাই আছে সেনাই । সেনাই তেওলোকেৰ দায়িত্ব পালন কৰি গৈছে৷ তেওলোকক মূৰ দোৱাব নিদিও৷
জম্মু কাশ্মীৰ বিধান সভাৰ অধ্যক্ষ কবিন্দ্ৰ গুপ্তাই এই আক্ৰমণত ৰোহিংগীয়া মুছলমান জৰিত থাকিব পাৰে বুলি সন্দেহ ব্যক্ত কৰে৷ মই সেই বিধান সভা সমষ্টিৰে হয়৷ মোৰ ওচৰত তেনে অভিযোগ আহি থাকে আৰু চৰকাৰেও এই কথা স্বীকাৰ কৰিছে৷ সেই এলেকাত ৰোহিংগীয়া আৰু বাংলাদেশী মুছলমানৰ সংখ্যাবৃদ্ধি হৈছে৷ যাৰ বাবে সুৰক্ষাৰ ক্ষেত্ৰত ভয়াবহ হ'ব পাৰে৷
জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে টুইট কৰি ঘটনাৰ দুখ প্ৰকাশ কৰে৷
প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুলাই ঘটনাক নিন্দা কৰি শীঘ্ৰে অভিযান সমাপ্ত হোৱাৰ কামনা কৰাৰ লগতে সেনাৰ পৰিয়াল-জোৱান সুৰক্ষিত থকাৰ কামনা কৰে৷