শ্ৰীনগৰঃ জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ নামৰ এলেকাত সুৰক্ষা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত সেনা জোৱান এজন ছহিদ হয়৷ মঙলবাৰে পুৱা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন সেনাই নিজৰ প্ৰাণ হেৰুৱায়৷ 

এই সন্ত্ৰাসবাদীৰ দলটো পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ সদস্য বুলি সন্দেহ কৰা হৈছে৷  

সন্ত্ৰাবাদীৰ গোপনীয়তাৰ বিষয়ে উমান পাই নিৰাপত্তাৰক্ষীয়ে অভিযান চলাওতে এই তুমুল সংঘৰ্ষ সংঘটিত হয়৷