66
গুৱাহাটীঃ এগৰাকী অচিনাকি যুৱতীয়ে ব্ৰহ্মপুত্ৰত জাপ দিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীত৷ শুকুৰবাৰে শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰ নৈত জাপ দিয়ে যুৱতীগৰাকীয়ে।
জানিব পৰা মতে, গাড়ী-মটৰ চলি থকাৰ মাজতে এগৰাকী যুৱতীয়ে পুৰণি দলঙৰ পৰা পানীত জাপ মাৰে৷ একাংশ লোকে যুৱতীগৰাকীক ব্ৰহ্মপুত্ৰ নদীত জাপ মৰাৰ পূৰ্বে চিঞৰ-বাখৰ কৰি ৰখাব বিছাৰিছিল যদিও ৰখাবলৈ সক্ষম ন’হল৷