মোৰাঝাৰঃ ৰাজ্যৰ প্ৰতিটো দল পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে। শাসক বিজেপি বিৰোধি কংগ্ৰেছ কোনেও পিছ পৰি থকা নাই। তা মাজতে যমুনামুখ সমষ্টিৰ বিন্নাকান্দি ব্লক কংগ্ৰেছ সমিতিয়ে ২৪টা গাওঁ পঞ্চায়তত একোখনকৈ সভা অনুষ্ঠিত কৰি সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে ৷ বিন্নাকান্দি ব্লক কংগ্ৰেছ সমিতিৰ সভাপতি ৰেহান উদ্দিনৰ নেতৃত্বত পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰাৰ্থীক জয়ী কৰাৰ বাবে বিভিন্ন পঞ্চায়তে পঞ্চায়তে আৰম্ভ কৰিছে নিৰ্বাচনৰ প্ৰচাৰ ৷
২১, ২২ আৰু ২৩ ডিচেম্বৰত ছয়খনকৈ দলীয় সভা অনুষ্ঠিত কৰি পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজায় ৷ সমষ্টিটোৰ যমুনা গাঁও পঞ্চায়ত, বৰহাওৰ গাঁও পঞ্চায়ত, নমাটি গাওঁ পঞ্চায়ত আৰু চাংমাজি বজাৰত অনুষ্ঠিত হয় সভা। সমষ্টিটোত শক্তিশালী গণভিত্তি থকা থকা অগপ আৰু এ আই ইউ ডিএফক প্ৰত্যাহ্বান জনাই সভা অনুষ্ঠিত কৰে৷