মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলােৱাৰ অভিযোগত শিক্ষকক ৰাইজে মাৰধৰ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, হোজাই জিলাৰ যমুনামুখৰ যমুনামুখ বৰঝাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে মহেশ্বৰ মেধিৰ বিৰুদ্ধে নিজ বিদ্যালয়খনৰে পঞ্চম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীয়ে যৌন নিৰ্যাতন চলোৱা বুলি পৰিয়ালক অৱগত কৰে৷
পৰিয়ালৰ লোকে শনিবাৰে বিদ্যালয়লৈ আহি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ তাৰ পিছতে বিদ্যালয়ৰ চৌহদতে স্থানীয় ৰাইজ উপস্থিত হৈ অভিযুক্ত প্ৰধান শিক্ষকজনক উত্তম–মাধ্যম শোধায়। পৰিস্থিতি এনে পৰ্যায় পায়গৈ যে ৰাইজৰ ৰোষৰ হলি হোৱা শিক্ষকগৰাকীক আৰক্ষীয়ে উদ্বাৰ কৰিব লগা হয়। আনহাতে অভিযুক্ত শিক্ষকগৰাকীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে৷ আৰক্ষীয়ে শিক্ষকগৰাকীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে৷ ঘটনাই সমগ্ৰ অঞ্চলটোৰ সচেতন লোক চিন্তিত হৈ পৰিছে৷