কোকৰাঝাৰঃ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়াই বিটিচিৰ পৰা অবড়ো গাওঁ কৰ্তন নকৰিলে আৰু পৃথক বড়োলেণ্ড বিচৰা সকলক অতিশীঘ্ৰে প্ৰতিৰোধ নকৰিলে ভয়াৱহ সংঘাত হব বুলি সদনৰ মজিয়াত মন্তব্য কৰাৰ পিছতেই বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই ওলোটাই সাংসদ গৰাকীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।
আজি এক বিবৃতিত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰী আৰু সম্পাদক জয়ন্ত বড়োই কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়াই সংসদৰ মজিয়াত দাঙি ধৰা বক্তব্যক তীব্ৰ গৰিহণা অাৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীক এজন ভণ্ড আৰু নিৰ্লজ্জ বড়োবিৰোধী লোক হিচাপে অভিহিত কৰে৷